কোকৰাঝাৰ, ১২ মেঃ কোকৰাঝাৰৰ বালাজান তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত এটি আঢ়ৈ মহীয়া শিশু ।
কোকৰাঝাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখী AS 16 C 2199 নম্বৰৰ তীব্ৰবেগী উইংগাৰ এখনে শিশুগৰাকীৰ মাতৃক খুন্দিয়াই । ফলত শিশুটি মাতৃৰ হাতৰ পৰা চিটিকি পৰে ৰাজপথত । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ততালিকে শিশুটিক কোকৰাঝাৰ আৰএনবি চিকিৎসায়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । কৰুণ মৃত্যুক আঁকোৱালি লোৱা শিশুটি ধুবুৰীৰ ফূটকিবাৰী পিতৃ শনিৰাম ৰায় আৰু মাতৃ গৰকীৰ নাম মামনি ৰায় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, মামনি ৰায়ে আজি ফূটকিবাৰীৰ শহুৰেকৰ ঘৰৰ পৰা কালিপুখুৰীত থকা নিজ পিতৃগৃহলৈ আহিছিল দুৰ্ভগীয়া শিশুটিৰ সৈতে । উক্ত ঘটনাটি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰ খনৰ চালক জনক আটক কৰিছে আৰক্ষীয়ে ।
লগতে আন এটি বাতৰি - কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড নলবাৰীৰ চিকিৎসালয়