কোকৰাঝাৰ, 2 জুলাইঃ ৰেহেনালৈ মনত পৰেনে ? আমেৰিকাৰ জীয়ৰী অসমীয়াৰ বোৱাৰী ৰেহেনা এইবাৰ ব্যস্ত বাগৰুম্বা শিকাত। ২০১৪ চনত গৱেষক ছাত্ৰী হিচাপে অসমলৈ আহি অসমীয়া সমাজৰ সৈতে একাত্ম হৈ পৰা ৰেহেনা এতিয়া অসমৰ আন জনগোষ্ঠীয় লোকনৃত্য শিকাত ব্যস্ত । পাপন মহন্তৰ স'তে কেবাঠাইত সাংস্কৃতিক অনুষ্ঠান কৰি দৰ্শকৰ নয়নৰ মণি হৈ পৰা ৰেহেনা হেজগী এইবাৰ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত দেখা গ'ল অন্য ৰূপত।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগে বড়ো নৃত্য আৰু সংগীতৰ ওপৰত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি সকলোকে মুগ্ধ কৰি তোলে ৰেহেনাই। ঢোল,পেঁপা,চিফুঙৰ তালে তালে কঁকাল ঘূৰাই বাগৰুম্বা নাচি মুহুৰ্ততে সকলোৰে আপোন হৈ পৰা ৰেহেনাৰ ভাষাত লোকসংস্কৃতি,কলা-কৃষ্টিত চহকী বড়ো নৃত্য আৰু সংগীতে তেওঁৰ মন মুহি পেলাইছে আৰু এইবাৰ তেওঁ বড়ো শিকিহে এৰিব। আনহাতে তেওঁৰ অদমনীয় প্ৰচেষ্টা দেখি তবধ মানিছে সকলোৱে লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগে পাৰ্যমানে সহায় কৰিব বুলি কথা দিয়ে ৰেহেনাক ।