ETV Bharat / state

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হাগ্ৰামা মহিলাৰীৰ

author img

By

Published : Jan 26, 2020, 4:01 PM IST

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ অনুষ্ঠানত শীঘ্ৰে এনডিএফবি সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চুক্তি কৰিব, যি চুক্তি বিটিচিবাসীৰ বাবে শান্তি ঘূৰি আহিব বুলি মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে ৷

কোকৰাঝাৰ
কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰ, 26 জানুৱাৰীঃ কোকৰাঝাৰত 71 তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে বিটিচি প্ৰধান গৰাকীয়ে ৷ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে সংবিধান প্ৰনেতা ড৹ বি আৰ আম্বেদকাৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি ৰাষ্ট্ৰৰ ঐক্য বাৰ্তাই ৰাখি সকলোকে দেশৰ উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ।

আনহাতে, নতুন বড়ো চুক্তিৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, শীঘ্ৰে এনডিএফবি সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চুক্তি কৰিব, যি চুক্তি বিটিচিবাসীৰ বাবে শান্তি লৈ আহিব । এই চুক্তিত কেৱল বড়ো জনগোষ্ঠীৰ বাবে নহয় , সমগ্ৰ জাতি-জনগোষ্ঠীক সম অধিকাৰৰ বাবে বুলি মন্তব্য কৰে হাগ্ৰামাই ।

উল্লেখ্য যে, নতুন বড়ো চুক্তিত এনডিএফবিৰ চাৰিটা গোট, এবছু, পিজেএচিবিএম,ইউবিপিঅ নেতৃবৰ্গই স্বাক্ষৰ কৰাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হাগ্ৰামা মহিলাৰীৰ সাক্ষৰ থাকিব ৷

আৰু পঢ়কঃ ডিব্ৰুগড়ত গ্ৰেণেড বিস্ফোৰণত আলফা স্বাধীন জড়িত থকা সন্দেহ!

Intro:খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজন ৭১ সংখ্যক গণৰাজ্য দিৱস।

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা অনুষ্ঠানিকভাৱে উত্তোলন অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ।

অনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰি নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে, আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব য’ত দৰিদ্ৰতা, নিবনুৱা সমস্যা নাথাকে।

Body:ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া লোক সকলৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ। যোৱা তিনি বছৰ ছয় মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছো। অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ ৰূপায়ণৰ জোৰ দিয়াটোৱেই ইয়াৰ উদ্দেশ্য আৰু নীতিক প্ৰতিফলিত কৰে।

বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ’ব। ইয়াৰ বাবে অতি শীঘ্ৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা হ’ব।

অসম সাহিত্য সভাক ১০ কোটি টকা,বড়ো সাহিত্য সভাক ৫ কোটি টকা আৰু অন্যান্য ২০ খন সাহিত্য সভাৰ প্ৰতিখনলৈ ৩ কোটি টকাকৈ অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

।Conclusion:জাতি মাটি আৰু ভেটিৰ শ্লোগান আমাৰ বাবে কেৱল শ্লোগানেই নহয়, এইটো এটা সংকল্প। এই সংকল্পত আমি অটল।

৮০৪ গৰাকী শ্বহীদৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.