ETV Bharat / state

জনজাতিকৰণৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া বিশ্বজিৎ ৰায়ৰ - Union Cabinet led PM Modi granted ST

পুনৰ অসমৰ ৬ জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰিলে । কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (Union Cabinet led PM Modi granted ST)। লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই ৰাজনীতিকৰ পকেটত বিক্ৰী হোৱা কোঁচ-ৰাজবংশী জাতীয় সংগঠনৰ নেতাৰ বাবেই জনজাতিকৰণৰ পৰা পুনৰ কোঁচ ৰাজবংশী জনগোষ্ঠী বঞ্চিত হোৱা বুলি মন্তব্য় কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায়ৰ ৷

Reaction of Biswajit Ray on St in Kokrazar
জনজাতিকৰণৰ সিদ্বান্তকলৈ প্ৰতিক্ৰিয়া বিশ্বজিৎ ৰায়ৰ
author img

By

Published : Sep 15, 2022, 6:46 PM IST

কোকোকৰাঝাৰ, ১৫ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্য ক্ৰমে হিমাচল প্ৰদেশ,কৰ্ণাটক, উত্তৰ প্ৰদেশ, ছট্টিছগড় আৰু তামিলনাডুৰ বিভিন্ন জাতি-জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণৰ বাবে গ্ৰহণ কৰা কেবিনেট সিদ্বান্তক লৈ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিশেষকৈ অসমৰ ছয়টাকৈ জনগোষ্ঠীয়ে জনজাতিৰ স্বীকৃতি বিচাৰি দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছতো জনগোষ্ঠী কেইটাৰ দাবীক উপেক্ষা কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জনজাতিকৰণৰ সিদ্বান্তকলৈ প্ৰতিক্ৰিয়া বিশ্বজিৎ ৰায়ৰ

বৃহস্পতিবাৰে কোকৰাঝাৰত কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে(Reaction of Biswajit Ray on St in Kokrazar)বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ১৯৯৬ চনতে জনজাতিৰ স্বীকৃতি লাভ কৰিছিল যদিও পুনৰ এবছৰৰ পিছত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি বাতিল কৰা হ'ল ৷ তাৰ বাবে চৰকাৰক প্ৰতাৰক আখ্যা দি অথবা দোষী বুলি কৈ লাভ নাই ৷ ৰাজনীতিকৰ পকেটত বিক্ৰী হোৱা একাংশ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ নেতাৰ বাবেই আজিৰ এই দশা বুলি তেওঁ ক্ষোভেৰে কয় ৷

কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয় যে দিনত ডিঙিত ফুলাই চৰকাৰ ওফৰাম বুলি চিঞৰি নিশা ৰাজনীতিকৰ পদূলি শুৱনি কৰা আৰু গামোচা পিন্ধি সম্বৰ্ধনা লোৱা নেতাই কোঁচ-ৰাজবংশীৰ কি সমস্যা সমাধান কৰিব ৷ বহু কোঁচ ৰাজবংশী জাতীয় সংগঠনৰ নেতা এতিয়া ৰাজনীতিকৰ হাতত বিক্ৰী হৈ পণ্য সামগ্ৰীত পৰিণত হৈছে বুলিও তেওঁ কয় ৷ তথাকথিত এনেবোৰ নেতাৰ অকৰ্মণ্যতাৰ বাবেই কোঁচ-ৰাজবংশী জনগোষ্ঠীটো পুনৰ আকৌ এবাৰ জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা বুলি তীব্ৰ ক্ষোভ উজাৰে কোঁচ-ৰাজবংশী জাতীয় পৰিষদৰ নেতা ৰায়ে ৷

লগতে পঢ়ক:তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ অসমৰ ৬ জনগোষ্ঠী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.