কোকৰাঝাৰ, ৬ ডিচেম্বৰ : বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন (Bodo National Student Union) চমুকৈ বনছুৰ পৰা ফালৰি কাটি আহি শেহতীয়াকৈ ইউপিপিএল দলত নতুনকৈ যোগদান কৰা ৰৌংগুৰ বড়োক মঙলবাৰে ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি (spokesperson for UPPL youth wing Raungur Bodo)প্ৰদান কৰা হয় ৷ কোকৰাঝাৰ চহৰস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি আয়োজিত এক অনুষ্টুপীয়া সভাত ৰৌংগুৰ বড়োক আনুষ্ঠানিকভাৱে দলীয় কৰ্তৃত্বৰ নিযুক্তি পত্ৰ অৰ্পণ কৰে ইউপিপিএলৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুত স্বৰ্গয়াৰীয়ে ৷
ইপিনে ইউপিপিএলৰ যুৱ গোটৰ মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিৰোধী দল বিপিএফ তথা হাগ্ৰামা মহিলাৰী আৰু বড়ো নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন চমুকৈ বনছুৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰৌংগুৰ বড়ো (UPPL press meet in Kokrajhar)৷ ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়তে আয়োজিত এক সংবাদমেল যোগে দলটোৰ যুৱ গোটৰ নৱ নিৰ্বাচিত মুখপাত্ৰ ৰৌংগুৰ বড়োই বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বনছুক কঠোৰ ভাষাৰে সমালোচনা কৰে (Raungur Bodo slams Hagrama Mohilary and BNSU)৷
বিপিএফে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বনছুক ব্যৱহাৰ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰৌংগুৰ বড়োৱে ৷ বনছুক কটাক্ষ কৰি লগতে তেওঁ কয় যে বনছু হৈছে পুৰণা বটলৰ পুৰণা মদ ৷ বনছু গঠনৰ উদ্দেশ্যই হ’ল ৰাজনৈতিক লাভালাভ ৷ বনছুৰ পৃথক বড়োলেণ্ড আন্দোলনো নিৰ্বাচনী প্ৰচাৰৰ অংশ ৷ এওঁলোকৰ মুখ্যত কাম হ’ল বড়ো জাতিক লৈ বিভাজনৰ ৰাজনীতি কৰা ৷
বনছুক নেতৃত্ব দিয়া বঞ্জিত মঞ্জিল বসুমতাৰীয়ে কোন পক্ষৰ পৰা আহিছে বহলাই কোৱাৰ প্ৰয়োজন নাই বুলি কটু সমালোচনা কৰে ৰৌংগুৰ বড়োৱে ৷ ইফালে ইউপিপিএল দলত যোগদান কৰা সন্দৰ্ভতো ৰৌংগুৰ বড়োৰ স্পষ্টীকৰণ দি কয় যে প্ৰমোদ বড়োৰ বলিষ্ট নেতৃত্বত বিটিআৰত শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা হৈছে ৷
বিটিআৰত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে ৷ এই সকলো দিশ চালিজাৰি চাই ইউপিপিএলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ ইউপিপিএল দলত যোগ দিয়া বুলি কয় ৰৌংগুৰ বড়োৱে ৷ সংবাদমেলত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীও উপস্থিত আছিল ৷
লগতে পঢ়ক: Assam Arunachal Border: গুগলত অসম-অৰুণাচল সীমা সংশোধনক লৈ চিন্তিত সীমান্তৱৰ্তী ৰাইজ