ETV Bharat / state

কোকৰাঝাৰত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

কোকৰাঝাৰত আৰম্ভ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ নতুন দলৰ জন্ম হ'লে অথবা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰে সভাত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

author img

By

Published : Oct 13, 2020, 9:11 PM IST

বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
কোকৰাঝাৰত ৰঞ্জিত কুমাৰ দাস

কোকৰাঝাৰ, 13 অক্টোবৰ : কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত উপস্থিত হৈ নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে । কোকৰাঝাৰ চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে কয় যে, নতুন দলৰ জন্ম হ'লে অথবা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিৰ কোনো ক্ষতি নকৰে ।

দাসে লগতে কয় যে, আৱেগিকভাৱে আন্দোলন কৰি অৱশেষত ৰাজনৈতিক দল খোলা দলৰ প্ৰকৃত উদ্দেশ্য ৰাইজে এতিয়াহে বুজি পাইছে । তদুপৰি কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বাবে উজনি অসমত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব ।

বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, কোনো ৰাজনৈতিক দলে বিজেপিক পৰাজিত কৰিব নোৱাৰে আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়ে এশৰো অধিক আসন লাভ কৰিব ৷ বিটিআৰ নিৰ্বাচনতো বিজেপিয়ে ভাল ফলাফল দেখুয়াৱ বুলি ৰঞ্জিত দাসে দাবী কৰে ।

সভাৰ আৰম্ভণিৰ পূৰ্বে ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী নৱ দলেই বড়োসকলৰ আদিম ধৰ্ম বাথৌ প্ৰথাৰে প্ৰাৰ্থনা জনায় আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰে । দলীয় পতাকা উত্তোলনেৰে অসম প্ৰদেশ বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা আৰম্ভ হয় য'ত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি এই সভাত উপস্থিত থাকে ইউবিপিঅ'ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী । উল্লেখ্য যে, সন্ধিয়া ভাগত অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব ।

লগতে পঢ়ক : বাধ্যবাধকতা আৰু নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্ঠিত হ’ব এইবাৰৰ দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.