ETV Bharat / state

নিৰ্বাচন যিকোনো সময়তে অনুষ্ঠিত হ'লেও দলত কোনো প্ৰভাৱ নপৰে : ৰঞ্জিত কুমাৰ দাস

author img

By

Published : Jun 14, 2020, 9:51 AM IST

কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ আগন্তুক বিটিএডি নিৰ্বাচনত সংখ্যা গৰিষ্ঠতাৰে বিজেপিয়ে পৰিষদ দখল কৰিব বুলি ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য ৷

Ranjit Kumar Das at Kokrajhar
কোকৰাঝাৰত ৰঞ্জিত কুমাৰ দাস

কোকৰাঝাৰ ১৪ জুন : কাৰ্বি-আংলং আৰু ডিমা-হাচাও স্বায়ত্ত শাসিত পৰিষদত বিজেপি দলে শাসন চলোৱাৰ পিছত এইবাৰ বিটিএডিত ৰাইজৰ উন্নয়ন আৰু সমবিকাশ, সমমৰ্যদাৰ নিশ্চয়তাৰে সংখ্যাগৰিষ্ঠ আসনৰে বিটিচি পৰিষদ দখল কৰিব ৷ এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ ৷ কোকৰাঝাৰ জিলা বিজেপি কাৰ্যালয়ত শনিবাৰে আয়োজিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে উক্ত দাবী উত্থাপন কৰি কয় যে, বিটিএডিৰ ৰাইজে বিজেপিক বিচাৰিছে । বিটিএডিত প্ৰথম অৱস্থাত মাত্ৰ দুই লাখ দলৰ সদস্য আছিল যদিও নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বে এই সদস্যৰ সংখ্যা চাৰি লাখ আশী হাজাৰলৈ বৃদ্ধি পায় বুলি উল্লেখ কৰে ৰঞ্জিত কুমাৰ দাসে ৷

Ranjit Kumar Das at Kokrajhar
কোকৰাঝাৰত ৰঞ্জিত কুমাৰ দাস

বিটিএডি নিৰ্বাচনত ভাল ফল পাব বুলি দৃঢ়তাৰে দাবী কৰে দাসে । উল্লেখযোগ্য যে, বিটিএডি নিৰ্বাচনত বিজেপি দলে ২৬ টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে আৰু ২৬ সমষ্টিতে আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলিও সংবাদমেলত স্পষ্ট কৰি দিয়ে । তেওঁ লগতে সদৰি কৰে যে, নিৰ্বাচনত বিজেপি দলে ২৬ সমষ্টিতহে দলীয় প্ৰাৰ্থী নিক্ষেপ কৰিছে গতিকে আন সমষ্টিবোৰত ভোটাৰ ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান জনায় ৷ অৱশ্যে চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠ আসন লাভ নকৰিলে কি হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, দ্বিতীয় সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দলৰে মিত্ৰতা স্থাপন কৰি হ'লেও বিটিচি পৰিষদ গঠন কৰিব ৷ বিটিএডি নিৰ্বাচন যিহেতু সৰু নিৰ্বাচন সেয়ে নিৰ্বাচনত বিজেপি দলে কোনো দলৰ সৈতে মিত্ৰতা স্থাপন নকৰে আৰু দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা বুলি উল্লেখ কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

সংবাদমেলত ৰাজ্যিক সভাপতি গৰাকীয়ে বিটিএডি নিৰ্বাচন সন্দৰ্ভত আজি নিৰ্বাচন অনুষ্ঠিত হ'লে অথবা দুমাহ পিছুৱালেও বিজেপিৰ দলত কোনো প্ৰভাৱ নপৰে আৰু বিজেপিয়ে লাভ কৰিবলগা আসন লাভ কৰিবই বুলি উল্লেখ কৰে ৷ তেওঁ বিটিএডি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী আয়োগ নতুবা চৰকাৰে COVID-১৯ ৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনা সমূহ সঠিক ৰূপত পালন কৰি নিৰ্বাচন পাতিলে বিজেপিৰ আপত্তি নাই বুলি ষ্পষ্ট কৰি দিয়ে ।

মূলতঃ সাংগঠনিক স্থিতি মজবুত কৰাৰ উদ্দেশ্যৰে আৰু চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰিবলৈ কোকৰাঝাৰত উপস্থিত হোৱা ৰঞ্জিত কুমাৰ দাসে বিপিএফৰ সৈতে মিত্ৰতাত ঘূণে ধৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত তেওঁ কয় যে মিত্ৰতাত ঘূণে ধৰা নাই যদিও বিজেপিৰ ১০০+ মিচন সম্পূৰ্ণ কৰিবলৈ হ'লে অসমৰ ১২৬ সমষ্টিতে সাংগঠনিক স্থিতি মজবুত কৰিব লাগিব আৰু নিৰ্বাচন খেলিব লাগিব । ২০২১ চনত মিত্ৰতা অব্যাহত থাকিব নে নাই সেয়া কেন্দ্ৰই নিৰ্ণয় কৰিব আৰু বৰ্তমান বিজেপিয়ে সাংগঠনিক স্থিতি মজবুত কৰাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰি অহা ১৬ জুনৰ পৰা ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ।

জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে অহা ১৬ জুনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বকোত, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত, ৰঞ্জিত কুমাৰ দাসে পশ্চিম গুৱাহাটীত, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই পূৱ গুৱাহাটীত, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডুমডুমাত জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে অসমৰ প্ৰতিটো সমষ্টিতে একে সময়তে বিজেপিৰ নেতা-সদস্যই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ।

বিটিএডি নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কয় যে, COVID-১৯ ৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্বাচন অনুষ্ঠিত কৰাটো উচিত হ'ব । নিৰ্বাচনৰ বাবেই গণসংক্ৰমন হ'লে বেয়া কথা হ'ব বুলি মন্তব্য কৰি তেওঁ ইতিমধ্যে অসমত কৰ'ণাৰ গণ সংক্ৰমন আৰম্ভ হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে । শনিবাৰৰ সংবাদমেলত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি সম্পাদক সহ বহুতো নেতা কৰ্মী সদস্য উপস্থিত আছিল ।

লগতে পঢ়ক : বাঘজান অগ্নিকাণ্ড সন্দৰ্ভত ডঃ বিভৱ তালুকদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.