কোকৰাঝাৰ ১৫ এপ্ৰিল : ৰংজালী বৈশাগু, ৰঙালী বিহু অথবা বিষুৱা যি নামেৰে নামাকৰণ নকৰক কিয় অসমৰ প্ৰতিটো জাতি - জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অক্ষুন্ন ৰাখি হেঁপাহৰ ৰংজালী বৈশাগু আৰু ৰঙালীৰ ৰঙৰ মাজত পৰম উচাহৰ মাজেৰে উলহ-মালহেৰে বাপতি সাহোন বিহু তথা নৱ বৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে মুকলি ৰংজালী বৈশাগু উদযাপন কৰা হয় ৷
মুকলি ৰংজালী বৈশাগুৰ সৈতে সংগতি ৰাখি বৈশাগু নৃত্য - গীত, পৰম্পৰাগত খাম - ছিফুঙৰ তালে তালে বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈ সকলোৱে এপাক বৈশাগু নৃত্য পৰিৱেশন কৰা দেখা যায় ৷ উল্লেখ্য যে, ৰংজালী বৈশাগু উদযাপন কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, ৰঞ্জিত বসুমতাৰী এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে অংশ গ্ৰহণ কৰি বিটিআৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰংজালী বৈশাগু আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে ৷
লগতে পঢ়ক : পৰম্পৰাগত বোকা বিহুৰ উলাহত মতলীয়া তিতাবৰ