ETV Bharat / state

বিপিএফৰ দুই প্ৰাৰ্থীক ৰাভা ছাত্ৰ সন্থাৰ মুকলি সমৰ্থন

author img

By

Published : Nov 14, 2020, 5:26 PM IST

সদৌ ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা মহকুমা সমিতিৰ সভাপতি নবিৰাম ৰাভাই ১ নং পৰ্বতঝোৰা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম আৰু ২ নং গুমা সমষ্টিৰ প্ৰাৰ্থী ৰহিন্দ্ৰ নাথ ব্ৰহ্মক সমৰ্থন আগবঢ়াইছে ৷

Rabha Student support BPF candidate
বিপিএফৰ দুই প্ৰাৰ্থীক ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা সমিতিৰ মুকলি সমৰ্থন

কোকৰাঝাৰ, 14 নৱেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে সদৌ ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা মহকুমা সমিতিয়ে বিপিএফৰ দুগৰাকী প্ৰাৰ্থীক মুকলি সমৰ্থন আগবঢ়াইছে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত শনিবাৰে আয়োজিত এখন সংবাদমেলত সদৌ ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা মহকুমা সমিতিৰ সভাপতি নবিৰাম ৰাভাই ১ নং পৰ্বতঝোৰা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম আৰু ২ নং গুমা সমষ্টিৰ প্ৰাৰ্থী ৰহিন্দ্ৰ নাথ ব্ৰহ্মক সমৰ্থন আগবঢ়োৰ কথা উল্লেখ কৰে ৷

সংবাদমেলত ছাত্ৰ নেতা নবিৰাম ব্ৰহ্মই কয় যে, বিগত পোন্ধৰ বছৰে পৰ্বতঝোৰা মহকুমাবাসীৰ একো উন্নয়ন হোৱা নাই ৷ সেয়ে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ছাত্ৰ সংগঠনটোৱে বিপিএফৰ পৰা প্ৰতিদ্বন্দিতা কৰা পৰ্বতঝোৰা মহকুমাৰ দুই প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংবাদমেলত ৰাভা ছাত্ৰ সন্থাৰ পৰ্বতঝোৰা মহকুমাৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: শিশুগাঁৱত শিশু দিৱস উদযাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.