কোকৰাঝাৰ,6 মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবণ্টন হোৱা সুলভ মূল্যৰ ৰাজ সাহায্যৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰত্যেকৰে বাবে খাদ্য ব্যৱস্থা কৰা, অনাদায় হৈ থকা অংশৰ ধন মোকোলাই দিয়া, কমিচনৰ মাত্ৰা বৃদ্ধি কৰা ইত্যাদি দাবী উত্থাপন কৰি শুকুৰবাৰে সদৌ বি টি এ ডি সুলভ মূল্যৰ ব্যৱসায়ী, অংশীদাৰ আৰু ডিলাৰ সন্থাই কোকৰাঝাৰ চহৰত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ কাৰ্যসূচী অনুসৰি কোকৰাঝাৰৰ বড়োফা নগৰষ্ঠিত বিটিচি সচিবৰ কাৰ্যালয় অভিমুখে বাহিৰ কৰা সমদলটোত বি টি এ ডি-ৰ জিলা চাৰিখনৰ প্ৰায় ৩৫খন সুলভ মূল্যৰ ব্যৱসায়ী, সদস্যয়ে হাতত প্লে’কাৰ্ড, ফেষ্টুন, বেনাৰ আদি লৈ অসম আৰু বিটিচি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।
সদৌ বি টি এ ডি সুলভ মূল্যৰ ব্যৱসায়ী, অংশীদাৰ আৰু ডিলাৰ সন্থাৰ সভাপতি দেবেন চন্দ্ৰ বড়োৱে সাংবাদিকৰ আগত কয় যে, অসম আৰু বিটিচি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবণ্টন হোৱা সুলভ মূল্যৰ ৰাজ সাহায্যত ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে ৷ ফলত পাবলগা অংশৰ ধন মোকোলাই দিব পৰা নাই । প্ৰায় ৩৫গৰাকী ব্যৱসায়ীয়ে পাব লগা ধন লাভ নকৰাকৈয়ে ১৪মাহ ধৰি কাম কৰি থাকিবলগীয়া হৈছে ।