কোকৰাঝাৰ, ৭ ডিচেম্বৰ : বিটিচি সচিবালয়ত সময়মতে উপস্থিত নোহোৱা আৰু পলমকৈ অহা বিষয়া-কৰ্মচাৰীৰ বাবে এটা বেয়া খবৰ ৷ কিয়নো সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ পলমকৈ অহা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষুন্ন হৈ সময়মতে নহা বিষয়া-কৰ্মচাৰীৰ বাবে বন্ধ কৰি দিয়ে সচিবালয়ৰ প্ৰৱেশদ্বাৰ (Promod Boro shuts BTC secretariat for latecomers) ৷
মঙলবাৰে সচিবালয়ৰ প্ৰৱেশদ্বাৰত থিয় হৈ নিজে সকলো তদাৰক কৰিলে প্ৰমোদ বড়োৱে ৷ সময়মতে নহা বিষয়া-কৰ্মচাৰীৰ প্ৰৱেশত বাধা প্ৰদান কৰি বন্ধ কৰি দিয়ে প্ৰৱেশদ্বাৰ ৷ যাৰ ফলত সচিবালয়ৰ অধিকাংশ কৰ্মচাৰীয়ে প্ৰৱেশদ্বাৰৰ বাহিৰত ৰৈ থকা পৰিলক্ষিত হয় ৷
এই সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত সদৰী কৰা মতে সচিবালয়ৰ যি সকল বিষয়া-কৰ্মচাৰী পুৱা দহ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে নিজ দায়িত্ব আৰু কৰ্তব্য সূচাৰুপে সম্পন্ন নকৰে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব (Strict rules for BTC secretariat) ৷
তিনি দিন যদি সচিবালয়ৰ কোনো বিষয়া-কৰ্মচাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যালয়লৈ নাহে বা নিজৰ কৰ্মত গাফিলতি প্ৰদৰ্শন কৰে তেন্তে তেনে বিষয়া-কৰ্মচাৰীক নিলম্বন কৰা হ’ব ৷ এই নীতি-নিয়ম বিটিচি সচিবালয়ৰ উপৰিও বিটিআৰৰ চাৰিখন জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব বুলি স্পষ্ট কৰি বিটিচিৰ মুখ্যকাৰ্যবাহী গৰাকীয়ে ৷
লগতে পঢ়ক : Encounter at Nagaon : নগাঁৱত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া