ETV Bharat / state

বাক্সাত ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

বহাগ আহিলেই গছ বিৰিখে প্ৰাণ পাই উঠে ৷ বিহু অহাৰ লগে লগে চঞ্চল হৈ পৰে অসমীয়াৰ মন। প্ৰাণ পাই উঠে বাঁহী-শিঙা, ঢোল পেঁপাৰ মাত । বাক্সাতো খাম, চিফুংৰ লহৰত নাচিছে বাক্সাৰ ডেকা -গাভৰু ৷

author img

By

Published : Apr 10, 2019, 12:07 PM IST

বাক্সাত বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

বাক্সা , 10 এপ্ৰিলঃ চ'তৰ আৰম্ভনীৰ লগে লগে অসমৰ গ্ৰাম্য জীৱনত নতুনক চোৱাৰ হেপাঁহত উখল-মাখল হৈ পৰে তাঁতশাল, গছত কুলি-কেতেকীৰ সুমধুৰ গীত ৷ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ ভিন্ন প্ৰান্ততো চলিছে বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

অসমীয়া সমাজখনৰ সৈতে বাস কৰি অহা অসমৰ জনজাতীয় লোকসকলে নিজস্ব স্বকীয় বৈশিষ্ট্য পূৰ্ণ সংস্কৃতিৰে বহাগ বিহু পালন কৰি আহিছে ৷ বিভিন্ন জনগোষ্ঠীৰ বিহু উদযাপন শৈলী ভিন ভিন হ’লেও উদ্দেশ্য এটাই, বহাগ তথা নতুন বছৰক আদৰাৰ ৷ সেয়ে নিৰ্বাচনী বতাহকো নেওচি সমগ্ৰ ৰাজ্যৰ লগতে বাক্সাৰ ভাৰত -ভূটান সীমান্তৰ সূৱণখাটাতো চলিছে নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ হেঁপাহৰ বিহুটিক আদৰাৰ বাবে পিচ পৰি ৰোৱা নাই বৃহত্তৰ সূৱণখাটা অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ ৰাভা সকলো ৷ ইয়াৰে অংশ হিচাপে ৰাভা জনগোষ্ঠীৰ গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত ছাদা, হামজাই, ফাড়কান্তি, নিজৰা, নিজিৰিণি আদি জনগোষ্ঠীয় নৃত্য, গীতসমূহৰ আখৰা আৰম্ভ কৰিছে ৷ খাম, চিফুঙৰ ধ্বনিৰে এতিয়া উন্মনা হৈ পৰিছে সূৱণখাটাৰ ডেকা -গাভৰুৰ মন প্ৰাণ ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে আগতিয়াকৈ উদযাপন কৰিলে ৰঙালী বিহু

আনহাতে বড়োলেণ্ডোতো দেখা গ'ল অনুৰূপ দৃশ্য ৷ ৰাজ্যবাসী সাজু হৈ উঠিছে নঙলা মুখত ৰৈ থকা ৰঙালীক আদৰিবলৈ ৷ সমান্তৰালকৈ ৰৈ থাকিব নোৱাৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলো ৷ সেয়ে মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন বাদ দি আগতীয়াকৈ উদযাপন কৰিলে ৰঙালী বিহু ৷ বৈসাগু, বিচুৱা আৰু বিহু নৃত্যত মতলীয়া হৈ পৰিল ছাত্ৰ-ছাত্ৰী সকল ৷ এই আগতীয়া বিহু উদযাপনত বিশ্ববিদ্যালয়খনৰ উপচাৰ্যৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে ৷

Intro: চ’তৰ অাৰম্ভণীৰ লগে লগে অসমৰ গ্ৰাম্য জীৱনত নতুনক চোৱাৰ হেপাঁহত উখল-মাখল হৈ পৰে তাতশাল, গছত কুলি-কেতেকীৰ সুমধুৰ গান । নিৰ্বাচনৰ বতাহৰ লগে লগেই বাক্সা জিলাত বিভিন্ন প্ৰান্তত চলিছে ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি । চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।Body: অসমীয়া সমাজখনৰ সৈতে বাস কৰি অহা অসমৰ জনজাতি সকলে নিজস্ব স্বকীয় বৈশিষ্ট্য পূৰ্ণ সংস্কৃতিৰে বহাগ বিহু পালন কৰি অাহিছে । বিভিন্ন জনগোষ্ঠীৰ বিহু উদ্‌যাপন শৈলী ভিন ভিন হ’লেও উদ্দেশ্য এটাই বহাগ তথা নতুন বছৰক অাদৰা । গছ লতাত প্ৰাণ পাই উঠে নতুন ৰূপ । বিহু অাহিব বুলিয়ে অসমীয়াৰ মন হৈ পৰে চঞ্চল । অসমৰ কৃষ্টিও প্ৰাণ পাই উঠে বাঁহী-শিঙা, ঢোল পেপাৰ মাতত।
নিৰ্বাচনী বতাহকো নেওচি বাক্সা জিলাতো চলিছে নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি । গছে বনে চাৰিওফালে মাথো নতুন ৰূপ । এই দৃশ্য বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ সূৱণখাটাৰ ৷ বৃহত্তৰ সূৱণখাটা অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ ৰাভা সকলো পিচ পৰি ৰোৱা নাই হেপাহৰ বিহুটিক আদৰাৰ বাবে ৷ খাম, চিফুঙৰ ধ্বনিৰে এতিয়া উন্মনা সূৱণখাটাৰ ডেকা -গাভৰুৰ মন প্ৰাণ ৷ বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ বাবে চলাইছে প্ৰস্তুতি ৷ জনগোষ্ঠীয় নৃত্য, গীতসমুহৰ কৰিছে আখৰা ৷Conclusion: জানিব পৰা মতে বিহুত নাচিবলৈ ৰাভা জনগোষ্ঠীৰ গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত ছাদা, হামজাই, ফাড়কান্তি, নিজৰা, নিজিৰিণি আদি নৃত্যসমুহৰ অনুশীলন আৰম্ভ কৰিছে ৷
বাইট-অনুশীলন কাৰী
ছাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.