কোকৰাঝাৰ, 15 ডিচেম্বৰ : সুদীৰ্ঘ 17 বছৰৰ অন্তত বি টি আৰৰ দ্বিতীয় কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োই ৷ কোকৰাঝাৰৰ বড়োফা নগৰৰ গ্ৰীণ ফিল্ড খেলপথাৰত আনুষ্ঠানিকভাৱে বড়ো ভাষাত শপত গ্ৰহণ কৰে নেতা গৰাকীয়ে ৷

শপত গ্ৰহণ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু কেই গৰাকী নেতা ৷ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বি টি আৰত বসৱাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীকে সন্মান সহকাৰে সংঘাতৰ সলনি সমন্বয় আৰু আন্তৰিকতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

মাটি, ভেটি, কলা-কৃষ্টি, ভাষা-সংস্কৃতি, সাহিত্য ৰক্ষাৰ দায়িত্ব চৰকাৰৰ বুলি মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োই সততা আৰু নিষ্ঠাৰে কাম কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে । ইফালে, এন ডি এফ বিৰ পদক্ষেপক শলাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাগ্ৰামা মহিলাৰীকো চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : কৰিমগঞ্জত অসুস্থ বনৰীয়া হাতীৰ মৃত্যু
আনহাতে, শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াহে প্ৰকৃত গণতন্ত্ৰ ৰাইজে উপভোগ কৰিলে বুলি মন্তব্যৰে ৰাইজক সেৱা কৰিবলৈকে প্ৰমোদ বড়ো ওলাই আহিছে বুলি ভাষণত উল্লেখ কৰে । সন্দেহ, আকাংক্ষাৰ বীজ আঁতৰাই উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনাই সম-অধিকাৰ, সম-মৰ্যদা প্ৰতিষ্ঠা হ'ব বুলি ঘোষণা কৰে ৷ লগতে, এমাহৰ ভিতৰতে 40 খন কলেজ, তামুলপুৰত মেডিকেল কলেজ, 2022 চনৰ 1 জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি আদিকে ধৰি বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে ৷
বি টি আৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে বুলি মন্তব্যৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমন্বয়ৰ সেঁতু গঢ়াৰ বাবে সকলোলৈ আহ্বান জনাইছে । উল্লেখ্য যে, শপত গ্ৰহণ অনুষ্ঠানৰ পিচত প্ৰমোদ বড়োই বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বিটিচি সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ সতে এক বৈঠকত মিলিত হয় আৰু কৰ্ম-সংস্কৃতি গঢ়াৰ আহ্বান জনায় ।
লগতে পঢ়ক : বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী