ETV Bharat / state

সদনত বিপিএফৰ কাৰ্যকলাপক 'অগণতান্ত্ৰিক' আখ্যা প্ৰমোদ বড়োৰ

author img

By

Published : Dec 24, 2020, 11:06 PM IST

সদনত বিপিএফৰ কাৰ্যকলাপক 'অগণতান্ত্ৰিক' আখ্যা প্ৰমোদ বড়োৰ ৷ বিপিএফৰ কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ পূৰ্বৰ চৰকাৰখনৰ দৰে দুৰ্নীতিক আশ্ৰয় নিদি অগ্ৰাধিকাৰ ভিত্তিক ৰাইজৰ নেতা নহৈ সেৱক ৰূপে কাম কৰি যাব বুলি মন্তব্য কৰে বড়োয়ে ৷

বিটিআৰৰ মুখ্য কাৰ্যবাহী
প্ৰমোদ বড়ো

কোকৰাঝাৰ, ২৪ ডিচেম্বৰ : পৰিষদীয় চৰকাৰ গঠনক লৈ আস্থা ভোটৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজি সদনৰ মজিয়াত বিপিএফৰ নিৰ্বাচিত সদস্যসকলে অগণতান্ত্ৰিক কাৰ্যকলাপ সংঘটিত কৰা বুলি মন্তব্য কৰি ইয়াক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আস্থা ভোটত জয়লাভ কৰাৰ পিছত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত কয় যে, তিনি-চাৰিবাৰকৈ নিৰ্বাচিত হৈ অহা প্ৰতিনিধিয়ে যেতিয়া অগণতান্ত্ৰিক কাৰ্য কৰে সেয়া গণতন্ত্ৰৰ বাবেই দূৰ্ভাগ্যজনক । ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আৰম্ভ হোৱা আস্থাভোটৰ প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পৰা বিপিএফে দলে যেনেধৰণে অগণতান্ত্ৰিক কাৰ্য সংঘটিত কৰিলে সেয়া ন্যায়ালয়ক অৱমাননা কৰা হৈছে বুলি মন্তব্য কৰিছে বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ।

প্ৰমোদ বড়ো

তেওঁ লগতে কয় যে, ইউপিপিএল, বিজেপি আৰু জিএছপি দলত বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ভাল সুদক্ষ নেতাৰ সমাহাৰ ঘটিছে সেয়া আমাৰ বাবে সুখৰ বিষয় ৷ আমি আশাবাদী যে সকলোৱে মিলি বিটিচি অঞ্চলৰ ৰাইজৰ উন্নয়ন সাধিম ৷ পূৰ্বৰ চৰকাৰখনৰ দৰে দুৰ্নীতিক আশ্ৰয় নিদি অগ্ৰাধিকাৰ ভিত্তিক ৰাইজৰ নেতা নহৈ সেৱক ৰূপে কাম কৰি যাম ৷ চৰকাৰে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে সম অধিকাৰ, সম উন্নয়ন সাধন কৰিব বুলি সদৰী কৰি পৰিষদৰ ৪০ টা সমষ্টিতে সম উন্নয়ন হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ।

ভূমিৰ সমস্যাকে ধৰি দুখীয়াৰ সমস্যা সমাধানত চৰকাৰ ব্ৰতী হ'ব আৰু কোনো ধৰণৰ অগণতান্ত্ৰিক কাৰ্য বৰ্তমানৰ চৰকাৰৰ দিনত সংঘটিত নহ'ব বুলি উল্লেখ কৰি স্বচ্ছ আৰু নিকা প্ৰশাসন দিবলৈ চৰকাৰ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে প্ৰমোদ বড়োই । ইয়াৰোপৰি আগন্তুক সময়ত বিপিএফ দলেও গঠনমূলক চিন্তা চৰ্চাৰে বিটিচিৰ উন্নয়নৰ কাম কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনাই বড়োই ৷ লগতে পবিত্ৰ বৰদিন উপলক্ষে খৃষ্টান ধৰ্মাৱলম্বী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বৰদিনৰ পিছতেই বিটিআৰৰ কাৰ্যবাহী সদস্যসকলৰ দপ্তৰ সমূহ বিতৰণ কৰা হ'ব বুলি প্ৰমোদ বড়োই সদৰী কৰে ৷

লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.