কোকৰাঝাৰ,২ মে’: একেৰাহে ছয়বাৰৰ বিধায়িকা, প্ৰভাৱশালী মন্ত্ৰী অথবা বিপিএফৰ হেভীৱেইট প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক পৰাজিত কৰি পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছে ইউপিপিএল প্ৰাৰ্থী লৰেন্স ইছলাৰী ৷ 20,095 টা ভোটৰ ব্যৱধানত প্ৰমিলাৰাণী ব্ৰহ্মৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ইছলাৰীয়ে ৷ ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে সৰ্বমুঠ 83,515 টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰে 63,420 টা ভোট ৷
কোকৰাঝাৰ জিলাৰ ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে সদৰী কৰা মতে, সমষ্টিটোত সৰ্বমুঠ 1,54,350 টা ভোট গণনা লাভ কৰিছে ৷ ইয়াৰে লৰেঞ্চ ইছলাৰীয়ে 83,515 টা, প্ৰমিলাৰাণী ব্ৰহ্মই 63,420 টা, মিজিং ব্ৰহ্মই 1,276 টা, মনোজ কুমাৰ ব্ৰহ্মই 3,264 টা, শৈলেন্দ্ৰ নাথ ব্ৰহ্মই 897 টা ভোট পোৱাৰ বিপৰীতে ন’টা ভোট লাভ কৰিছে 1,883 টা ৷ ইয়াৰোপৰি 95 টা ভোট নাকচ হৈছে ।
ইপিনে, বিজয়ৰ পিছত লৰেন্স ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ বিজয়ক সমন্বয় আৰু ভাতৃত্ববোধৰ বিজয় বুলি অভিহিত কৰি প্ৰতিগৰাকী ভোটাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে । তেওঁ কয় যে, একেৰাহে 30 বছৰ ধৰি বিধায়িকা তথা মন্ত্ৰী পদ শুৱনি কৰা প্ৰমিলাৰাণী ব্ৰহ্মৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয় লাভ কৰাটো ইমান সহজ নাছিল যদিও ভোটাৰ ৰাইজে তেওঁৰ প্ৰতি দেখুওৱা আস্থাই মনোবল প্ৰথমৰ পৰাই দৃঢ় কৰি তুলিছিল । প্ৰতিটো জাতি-জনগোষ্ঠী, জাতীয় দল-সংগঠনে তেওঁৰ প্ৰতি যি অকুণ্ঠ সমৰ্থন আগবঢ়ালে, সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি লৰেঞ্চ ইছলাৰীয়ে ৰাইজৰ হকে ৰাইজৰ বাবে কাম কৰি যাবলৈ সদা প্ৰস্তুত বুলি মন্তব্য কৰিছে ।
উল্লেখ্য যে, ৩০ বছৰ ধৰি একছত্ৰী সম্ৰাজ্ঞী প্ৰমিলাৰাণী ব্ৰহ্মৰ দখলত থকা সন্মানীয় সমষ্টিটোত ইতিহাস ভংগ কৰা আবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ইউপিপিএলৰ যুৱ নেতা লৰেন্স ইছলাৰীয়ে এটা অতি সাধাৰণ পৰিয়ালৰ পৰা আহি আজি নিজৰ বিজয় সাব্য়স্ত কৰিছে । বিপিএফৰ হেভীৱেইট প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক ২০,০৯৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি ইউপিপিএলৰ বিজয়ধ্বজ্জা উৰুওৱা লৰেন্স ইছলাৰীৰ বিজয়ক লৈ আনন্দৰ বন্যা বৈছে, যদিও ক’ভিড প্ৰট’কলৰ বাবে ইউপিপিএলৰ কৰ্মী-সমৰ্থকসকলে আনন্দ-উৎসৱ পালন কৰাৰ পৰা বঞ্চিত হৈছে ।
লগতে পঢ়ক : পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ! ব্যক্ত কৰিলে ৰামেশ্বৰ তেলীয়ে