ETV Bharat / state

বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম - assam news

গৰমৰ বন্ধ শেষ হোৱাৰ পৰা অৰ্থাৎ বিদ্যালয় গৃহৰ অভাৱত 1 আগষ্টত মুকলি আকাশৰ তলতে পাঠদান কৰে শিক্ষকে ৷ এই সমগ্ৰ সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত ৷

বানে উটুয়াই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম
author img

By

Published : Aug 3, 2019, 11:53 PM IST

কোকৰাঝাৰ, 3 আগষ্টঃ গোঙিয়া নদীৰ বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত সমাজ কল্যণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । বিদ্যালয়খনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰিব মন্ত্ৰী ব্ৰহ্মই । কোকৰাঝাৰৰ গোসাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপৰা প্ৰাথমিক বিদ্যালয়খন বিগত 23 জুলাইত গোঙিয়া নদীৰ ভয়াৱহ বানে উটুৱাই নিয়ে ৷ যাৰ বাবে গৰমৰ বন্ধ শেষ হোৱাৰ পৰা অৰ্থাৎ বিদ্যালয় গৃহৰ অভাৱত 1 আগষ্টত মুকলি আকাশৰ তলতে পাঠদান কৰে শিক্ষকে ৷ এই সমগ্ৰ সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত ৷ তাৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিটিচিত ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিদ্যালয়খনত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ আনহাতে, ব্ৰহ্মই শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সতে মত বিনিময় কৰি বিষয়টো শিক্ষামন্ত্ৰীক অৱগত কৰাব বুলিও মন্তব্য কৰে ।

বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম

Intro:গোঙিয়া নদীৰ বানে উটুই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। শিক্ষামন্ত্ৰীক অৱগত কৰিব মন্ত্ৰী প্ৰমিলাই।
ETV BHARAT ৰ প্ৰভাৱ।

কোকৰাঝাৰ জিলাৰ গোছাঁই গাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপৰা প্ৰাথমিক বিদ্যালয়খন যোৱা 23 জুলাইত গোঙিয়া নদীৰ ভয়াবহ বানে উটুৱাই নিয়াৰ পিছত আজি বিদ্যালয় খন বুজলব উপস্থিত হৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

Body: ভয়াবহ বানে ককৰাঝাৰৰ ফালুগুৰি নয়াপৰা প্ৰাথমিক বিদ্যালয়খনক উটুৱাই নিয়াৰ পিছত যোৱা 1আগষ্টৰ পৰা ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ বিয়াপক সমস্যা আৰু মকুলি আকাশৰ তলত পাঠদানকৰা দৃশ্য এক মাত্ৰ ETV BHARAT ASSAM ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে কোকৰাঝাৰ বিষেককৈ বটিটি ৰাজনীতি নেতাৰ ওপৰত হোৱাদুৱা লাগিছে। কোনো দিনে ৰাজনীতি নেতাৰ ফুট নপৰা এইখন অঞ্চলত আজি ৰাজ্যৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নিজে উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন পৰিস্থিতি বুজ লৈ। কণ কণ ছাত্ৰ ছাত্ৰীক বিস্কুট আৰু চকলেট বিতৰণেৰে শিক্ষাৰ ওপৰত মনোযোগ দিয়াৰ প্ৰচেঠা কৰে।
মন্ত্ৰী ব্ৰহ্মই শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ্যৰ সতে মত বিনিময় কৰি বিষয়টো শিক্ষামন্ত্ৰীক অৱগত কৰাব বলি মন্ত্যৱ কৰে।

Conclusion:ফালুগুৰি নয়াপাৰা গাঁওৰ বাসিন্দাই সেগৰে বিদ্যালয়খন নিৰ্মান কৰি ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক পৰিবেশ কৰিবলৈ মন্ত্ৰীক আহবান জনাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.