কোকৰাঝাৰ,১৭ নৱেম্বৰ : বিটিআৰত পুনৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে (BTR politics)। ক্ষমতা লাভৰ বাবে দিল্লীত ইতিমধ্যে বাহৰ পাতিছে বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী (BPF chief Hagrama in Delhi)। মহিলাৰী শৰণাপন্নও হৈছে বিজেপি আৰু আৰএছএছ নেতাৰ । এই খবৰে ইতিমধ্যে চৰ্চা লাভ কৰিছে ।
এই খবৰে বড়োভূমিত আলোড়নৰ সৃষ্টি কৰিছে (BPF chief meets RSS leader)। লগে লগে বিটিআৰ আৰু বিশেষকৈ বিপিএফ দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । এই সন্দৰ্ভত বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Pramila Reaction on Hagrama BJP join controversy)। প্ৰমিলা ৰাণী ব্ৰহ্মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হাগ্ৰামা মহিলাৰী এতিয়াও বিপিএফ দলতে আছে ৷ তেওঁ বিজেপি আৰু আৰএছএছৰ শৰণাপন্ন হোৱা নাই বুলিও দাবী কৰে নেত্ৰীগৰাকীয়ে ৷
প্ৰমীলা ৰাণী ব্ৰহ্মৰ মতে ৰাইজৰ উন্নয়নৰ বাবেহে আৰএছএছ আৰু বিজেপিৰে যোগাযোগ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ তেওঁ বিজেপি দলত যোগদান নকৰে আৰু হাগ্ৰামাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আছে বুলি উল্লেখ কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই । হাগ্ৰামাৰ পক্ষত থাকি যিমান স্পষ্টীকৰণ দিলেও কিন্তু বৰ্তমান সময়ত হাগ্ৰামা মহিলাৰীৰ স্থিতিক লৈ এতিয়া বহুতে বিভিন্ন ধৰণৰ সন্দেহ কৰিছে ।
উল্লেখ্য যে বড়োভূমিৰ যোৱাটো নিৰ্বাচনত হাগ্ৰামাৰ দল বিপিএফ পৰাজিত হোৱাৰ পাছত বিজেপিৰে মিত্ৰতা কৰিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহিছে হাগ্ৰামা মহিলাৰীয়ে ৷ শেহতীয়াভাৱে যোৱা এটা মাহ ধৰি বিজেপি আৰু আৰএছএছৰ কেইবাজনো শীৰ্ষ নেতাক দিল্লীত সাক্ষাৎ কৰিছে হাগ্ৰামাই ৷ ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ ঘনিষ্ঠ হাগ্ৰামা মহিলাৰীয়ে নাগপুৰত শেহতীয়াকৈ জ্যেষ্ঠ তথা প্ৰভাৱশালী আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰক সেৱা কৰিছিল (BPF chief meets RSS leader Indresh Kumar) ৷
সেই ফটোখনেই ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত হৈছে (Hagrama BJP join controversy) ৷ ইয়াৰ উপৰিও দিল্লীতো পৱন কুমাৰ আদি আন আৰএছএছ নেতাকো সাক্ষাৎ কৰে হাগ্ৰামাই ৷ দিল্লীত বাহৰ পাতি নেতাজনে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষকো সাক্ষাৎ কৰিছে ৷ বি এল সন্তোষক হাগ্ৰামাই বিজেপিৰে বিপিএফৰ মিত্ৰতাৰ প্ৰস্তাৱো আগবঢ়াইছে বুলি বিশেষ সূত্ৰত প্ৰকাশ ৷ আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাতৰ অপেক্ষাও দিল্লীত বিপিএফ নেতাজনে বাহৰ পাতি থকাৰ অন্যতম কাৰণ ৷
লগতে পঢ়ক :BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !