কোকৰাঝাৰ,14 এপ্ৰিল : পুনৰ চৰ্চালৈ আহিছে বি টি চি শাসনৰ প্ৰসংগ ! 27 এপ্ৰিলত অন্ত পৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ শাসনৰ কাৰ্যকাল ৷ কিন্তু সময় মতে যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল, 27 এপ্ৰিলৰ পাচত কোনে ল'ব বি টি চি শাসনৰ দায়িত্ব ! হাগ্ৰামা মহিলাৰী পুনৰ বহিব নেকি শাসনত ! নে ৰাজ্যপালৰ হাতলৈ যাব বিটিচিৰ শাসনৰ বাঘজৰী ! এতিয়া সঘনে উত্থাপন হৈছে এনে সমূহ প্ৰশ্ন ৷ তাৰ মাজতেই চৰ্চিত হৈছে হাগ্ৰামা মহিলাৰীৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰসংগও চৰ্চিত হৈছে বি পি এফে পুনৰ ছয়মাহৰ শাসনৰ বাবে আবেদন জনোৱা বিষয়টোও ৷ কিন্তু এই বিষয়ত ঘোৰ আপত্তি দৰ্শাইছে ইউ পি পি এলৰ মুৰব্বী উৰ্খাও গৌড়া ব্ৰহ্মই ৷
আনহাতে, প্ৰাক্তন ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে বিটিচিত ৰাজ্যপালৰ শাসন বলৱৎ কৰাৰ বাবে আহ্বান জনাইছে ৷ আন একাংশ বিজ্ঞ মহলৰ মতেও, শাসনৰ ম্যাদ বৃদ্ধিৰ আবেদন জনোৱাৰ কোনো অধিকাৰ নাই বিপিএফৰ ৷ প্ৰয়োজন সাপেক্ষে ৰাজ্যপালেহে বিবেচনা কৰিব পাৰে এই বিষয় সন্দৰ্ভত ৷ এতিয়া প্ৰশ্ন হয়, 27 এপ্ৰিলৰ পিচত কি হ'ব বি টি চিৰ ৰাজনৈতিক ভৱিষ্যৎ ৷ বৃদ্ধি পাব নেকি হাগ্ৰামা মহিলাৰীৰ শাসনৰ সীমা,নে ৰাজ্যপালে গ্ৰহণ কৰিব বি টি চি শাসনৰ দায়িত্ব !
লগতে পঢ়ক : লক ডাউনৰ ফলত হাহাকাৰ পৰিৱেশ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত