ETV Bharat / state

মৰণফান্দত পৰিণত সাপকাটা-মাটিয়াপাৰাৰ একমাত্ৰ দলং : জনতাৰ দুৰ্ভোগ - বিটিচি উন্নয়ন

বিটিচি উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙালে গুৰুফলা নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলঙে ৷

জনতাৰ দুৰ্ভোগ
author img

By

Published : Jul 30, 2019, 9:30 AM IST

গোসাঁইগাঁও,30 জুলাইঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটা আৰক্ষী চকীৰ সমীপৱৰ্তী সাপকাটা-মাটিয়াপৰাৰ একমাত্ৰ দলঙৰ দুৰৱস্থাৰ ফলত যমৰ যাতনাত ভুগিছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় 30-35 খন গাঁৱৰ ৰাইজ । অঞ্চলটোৰ এই জলন্ত সমস্যাৰ বিষয়ে ভুক্তভোগী ৰাইজে সময়ে সময়ে স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো অকল প্ৰতিশ্ৰুতিৰ বাহিৰে একো ব্যৱস্থা নকৰাত অতিষ্ঠ হৈ অৱশেষত সাংবাদিকৰ কাষ চাপিছে ৰাইজ । আনহাতে একাংশৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ চৰম গাফিলতিৰ ফলতেই এইদৰে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে । বৰ্তমান সময়ত হাৰাপুটা নৈ খনৰ একমাত্ৰ সংযোগস্থলী হৈ পৰিছে দলঙৰ অৱশিষ্ট কেইডালমান লো আৰু কাঠ ৷ উল্লেখ্য যে, এই দলঙৰ অৱশিষ্ট অংশৰ পৰা ইতিমধ্যে বহুলোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰিছে দুজন স্কুলীয়া ছাত্ৰৰ ৷ এতিয়া প্ৰশ্ন হয় , গুৰুফেলা নদীৰ ওপৰত থকা দলং খন শীঘ্ৰে নিৰ্মাণৰ ক্ষেত্ৰত বিটিচি চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব ৷

Intro:Story: মৰনফান্দত পৰিণত গোসাঁইগাঁওৰ সাপকাটা-মাটিয়াপাৰাৰ একমাত্ৰ সাংযোগস্থলী দলং: গুৰুত্বহীন বিভাগীয় কৰ্তৃপক্ষ।

Feed name:-bridge bihin raiz
Dt-30/07/19
Rpt- Gossaigaon

Anchor: গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটা আৰক্ষী চকীৰ সমীপৱৰ্তী সাপকাটা-মাটিয়াপৰাৰ একমাত্ৰ দলঙৰ দুৰৱস্থাৰ ফলত যমৰ যাতনাত ভুগিছে স্কুল-কলেজীয়া ছাত্র ছাত্ৰীকে ধৰি প্ৰায় ৩০-৩৫ খন গাওঁৰ সমূহ ৰাইজ।অঞ্চলটোৰ এই জলন্ত সমস্যাৰ বিষয়ে ভুক্তভোগী ৰাইজে সময়ে সময়ে স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীক বাৰম্বাৰ জনোৱাৰ পিছতো অকল প্ৰতিশ্ৰুতিৰ বাহিৰে একো ব্যবস্থা নকৰাত অতিষ্ঠ হৈ অৱশেষত সাংবাদিকৰ কাষ চাপিছে।আনহাতে একাংশৰ মতে এয়া ঠিকাদাৰৰ চৰম গাফিলতিৰ পৰিণতি বুলি জানিবলৈ দিয়ে।বৰ্তমান সময়ত হাৰাপুটা নৈখনৰ একমাত্ৰ সংযোগস্থলী হৈ পৰিছে দলঙৰ অৱশিষ্ট যছ। Body:ৰাইজে কোৱা মতে কিছুদিন পূৰ্বে বৰ্তমান সময়ত থকা যছেৰে নিৰ্মিত শাকোৰ পৰা পৰি অলপতে প্ৰাণ ৰক্ষা পৰে দুজনমান স্কুলীয়া ছাত্ৰৰ।Conclusion:সম্প্ৰতি গুৰুফেলা নদীৰ ওপৰত থকা দলং খন শীঘ্ৰে নিৰ্মাণৰ ক্ষেত্ৰত বিটিচি চৰকাৰে কি ভুমিকা লয় সেয়া হব লক্ষণীয়।

Byte- স্থানীয় বাসিন্দা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.