ETV Bharat / state

Shankardev Shishu Vidya Niketan: প্ৰধান আচাৰ্যক অপসাৰণৰ দাবীত অভিভাৱকৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 17, 2022, 8:43 PM IST

কোকৰাঝাৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, শক্তি আশ্ৰমত উত্তপ্ত পৰিস্থিতি । শক্তি আশ্ৰম শিশু নিকেতনৰ প্ৰধান আচাৰ্যক অপসাৰণৰ দাবী অভিভাৱকসকলৰ(protest demanding removal of pradhan acharya) ৷ প্ৰধান আশ্চৰ্যৰ বিৰুদ্ধে বিদ্যালয় প্ৰাংগণত তীব প্ৰতিবাদ অভিভাৱকসকলৰ ৷ প্ৰধান আচাৰ্যক অপসাৰণৰ নকৰা পৰ্যন্ত অসহযোগ অব্যাহত থাকিব বুলি সকিয়নী অভিভাৱকসকলৰ ।

Parents protested against SSVN Principal in Kokrajhar
প্ৰধান আশ্চৰ্যক অপসাৰণৰ দাবীত অভিভাৱকৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ, ১৭ নৱেম্বৰ: প্ৰধান আচাৰ্যৰ বিভিন্ন খেলিমেলি তথা একনায়কত্ববাদীক লৈ বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, শক্তি আশ্ৰমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Shankardev Shishu Vidya Niketan) ৷ শিশু নিকেতনখনৰ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিদ্যালয় প্ৰাংগণত তীব প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে ৷ প্ৰায় শতাধিক অভিভাৱকে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

প্ৰধান আচাৰ্য হাটাও শংকৰদেৱ শিশু নিকেতন বাচাও, প্ৰধান আচাৰ্যৰ একনায়কত্ববাদ নচলিব আদি ধ্বনিৰে প্ৰতিবাদকাৰী অভিভাৱকসকলে উত্তপ্ত কৰি তোলে শংকৰদেৱ শিশু নিকেতনৰ চৌহদ । অভিভাৱকসকলৰ অভিযোগ, শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত নতুনকৈ গঠন কৰিছে এখন পৰিচালনা সমিতি ৷ কিন্তু এই নৱগঠিত পৰিচালনা সমিতিখন প্ৰধান আচাৰ্যই একপক্ষীয়ভাৱে গঠন কৰিছে ৷ এই পৰিচালনা সমিতিখন গঠনক লৈ ৰাইজ তথা অভিভাৱকসকল অৱগত নোহোৱাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদী অভিভাৱকসকলে (Parents protested against Principal) ৷

লগতে পঢ়ক: AAPLA Militants surrendered: আপলাৰ স্বয়ম্ভু উপ-সেনাধ্যক্ষসহ ৯ দুধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

উল্লেখ্য যে নৱগঠিত এই সমিতিখনক লৈ অসন্তুষ্ট অভিভাৱকসকল ৷ সেয়েহে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অভিভাৱকসকলে শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ নতুন পৰিচালনা সমিতিখনক অবৈধ আখ্যা দি প্ৰধান আচাৰ্য নীল ৰঞ্জন ৰায়ক অপসাৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

ইপিনে অভিভাৱক আৰু বিদ্যালয়খনৰে একাংশ আচাৰ্য-আচাৰ্যাই অভিযোগ কৰা মতে, বিদ্যালয়খনৰ একনায়কত্ববাদী প্ৰধান আচাৰ্যই বৈদ্যাতনিয়ক কামৰ পৰিবৰ্তে আন কামত ব্যস্ত থকাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ অৱনতি ঘটিছে ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে অভিভাৱকসকল । আনহাতে কিছুদিন পূৰ্বে প্ৰধান আচাৰ্যই বিদ্যালয়ৰ পাঁচজন আচাৰ্যক ভুৱা অভিযোগত বহিষ্কাৰ কৰিছিল । প্ৰধান আচাৰ্য নীল ৰঞ্জন ৰায়ক অপসাৰণৰ নকৰা পৰ্যন্ত এই অসহযোগ অব্যাহত থাকিব বুলিও অভিভাৱকসকলে সকীয়াই দিয়ে (Parents protested in Kokrajhar) ।

লগতে পঢ়ক: Lurinjyoti Gogoi criticized CM: বসুন্ধৰাৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.