ETV Bharat / state

One year of Pramod Boro's BTC council : বিটিআৰ সচিবালয়ত উদযাপন বিটিচি পৰিষদৰ বৰ্ষপূৰ্তি

author img

By

Published : Dec 16, 2021, 8:20 AM IST

বুধবাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ বিটিচি পৰিষদ (Promod Boro lead BTC council) ৰ সম্পূৰ্ণ কৰিলে এটা বছৰ ৷ বিটিচি পৰিষদৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰৰ দিব্যাংগসকলৰ সৈতে বিটিআৰৰ মুখ্য কাৰ্যবাহী পাৰিষদে গ্ৰহণ কৰে দুপৰীয়াৰ আহাৰ ৷ লগতে দিব্যাংগসকলৰ সমস্যা সমাধানৰ বাবেও আশ্বাস প্ৰদান কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

One year of Pramod Boro's BTC council
বিটিআৰ সচিবালয়ত উদযাপন বিটিছি পৰিষদৰ বৰ্ষপূৰ্তি

কোকৰাঝাৰ, 16 ডিচেম্বৰ : প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ বিটিছি পৰিষদ (Promod Boro lead BTC council) ৰ সম্পূৰ্ণ হ’ল এটা বছৰ ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপি পৰিষদীয় চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি (One Year Completion of BTC council) উপলক্ষে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বিটিআৰ সচিবালয় প্ৰাংগণত আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী ৷

বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ সচিবালয় চৌহদত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু পাৰিষদ সকলে জিলাখনৰ দিব্যাংগ সকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে (BTC Chief Pramod Boro takes meal with divyangas) । আহাৰ গ্ৰহণৰ পিছতে সংবাদমাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে বিটিআৰ অঞ্চলৰ দিব্যাংগসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু ক্ৰীড়াৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

One year of Pramod Boro's BTC council
প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰ বিটিছি পৰিষদৰ সম্পূৰ্ণ এটা বছৰ

ইয়াৰোপৰি বিটিআৰ সচিবালয়ত বিভিন্ন বিভাগৰ কাৰ্যবাহী সদস্য সকলে নিজৰ বিভাগৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে অনাগত সময়চোৱাত ল’বলগীয়া পৰিকল্পনাসমূহৰ বিষয়েও অৱগত কৰে । উল্লেখ্য যে, বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ (One year of Pramod Boro's BTC)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ হকে ইউনিচেফ, চিইজিআইএচ, নেকটাৰৰ সতে তিনিখন চুক্তি হোৱাৰ কথাও সদৰী কৰে ।

লগতে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে সন্ধিয়া বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰ সচিবালয় প্ৰাংগণতে সাংবাদিকৰ সতে মতবিনিময়ৰ এক অনুষ্ঠানত অংশ লয় ৷ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ, গোসাইগাঁও, দোতমা, কোকৰাঝাৰৰ সাংবাদিক সকলে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত কোকৰাঝাৰ প্ৰেছ ক্লাৱ (Kokrajhar press Club)ৰ তৰফৰ পৰা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস প্ৰমোদ বড়োক সম্বৰ্ধনাও জনোৱা হয় ।

লগতে পঢ়ক : নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতা হেৰুৱাইছে বিটিচি চৰকাৰে : হাগ্ৰামা মহিলাৰী

ইপিনে অশেষ কষ্টৰ মাজত কাম কৰি থকা সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োৱে কয় যে, বৰ্তমান মিডিয়া অতি সক্ৰিয় আৰু খৰকতীয়া হোৱা বাবে বহু সমস্যা সমাধানত সহায় হৈছে । মিডিয়াৰ ভূমিকা কাহানিও নুই কৰিব নোৱাৰি বুলি উল্লেখ কৰি ভাৰতীয় গণতন্ত্ৰত মিডিয়াৰ ভূমিকা অপৰিহাৰ্য বুলি উল্লেখ কৰে । বিটিআৰ অঞ্চলত শান্তি অনাৰ ক্ষেত্ৰত মেডিয়াৰ ভূমিকা আছে বুলি উল্লেখ কৰি অনাগত সময়চোৱাত মিডিয়াৰ সহযোগিতা কামনা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ।

তদুপৰি সাংবাদিকৰ কল্যাণৰ বাবে বিটিআৰ চৰকাৰে কাম কৰি যাব আৰু অনাগত দিনত প্ৰতি জিলাতে সাংবাদিকৰ কাৰ্যালয়, গ্ৰুপ বীমাকৰণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে প্ৰমোদ বড়োৱে । বুধবাৰে আয়োজন কৰা এই অনুষ্ঠানত বিধায়ক গোৱিন্দ বসুমতাৰী আৰু কাৰ্যবাহী সদস্য গৌতম দাস, নিলুৎ স্বৰ্গীয়াৰী, ঘনশ্যাম দাস, ৰেওৰেৱা নাৰ্জিহাৰী আৰু ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে ।

লগতে পঢ়ক : বিটিআৰৰ ৰাইজৰ আশা আকাংক্ষাবোৰ এবছৰত প্ৰমোদ বড়োৱে ধ্বংস কৰিছে : দুৰ্গা দাস বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.