ETV Bharat / state

গোঁসাইগাঁৱত ৰে’লৰ খুন্দাত নিহত মহিলা

author img

By

Published : Apr 12, 2021, 2:56 PM IST

সোমবাৰে গোঁসাইগাঁও হাট ৰে’ল ষ্টেচনৰ সমীপৰ বাবুবিলত ৰে’লৰ খুন্দাত নিহত হয় এগৰাকী মহিলা ৷ নাতিনীয়েকক স্কুলত থৈ ঘৰলৈ ওভতাৰ সময়ত ৰে’লপথ পাৰ হ’বলৈ লওঁতেই নামনিমুৱা মালবাহী ৰে’লে মহটিয়াই নিয়ে মহিলা গৰাকীক ৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৰে’ল আৰক্ষীৰ ৷

one-woman-death-in-train
গোঁসাইগাঁৱত ৰে’লৰ খুন্দাত নিহত এগৰাকী মহিলা

কোকৰাঝাৰ,12 এপ্ৰিল: কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও হাট ৰে’ল ষ্টেচনৰ সমীপৰ বাবুবিলত সোমবাৰে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় এগৰাকী মহিলাই ৷ মৃত মহিলা গৰাকী গোঁসাইগাঁও মহকুমাৰ বাঁশবাৰী নিৱাসী প্ৰয়াত ধনেশ্বৰ ৰায়ৰ পত্নী ৰসবালা ৰায় (55) বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মহিলা গৰাকীয়ে নাতিনীয়েকক স্কুলত থৈ ঘৰলৈ ওভতাৰ সময়ত বাবুবিল ৰে’লপথ পাৰ হ’বলৈ লওঁতেই নামনিমুৱা মালবাহী ৰে’লে মহটিয়াই নিয়ে মহিলা গৰাকীক ৷ প্ৰত্যক্ষ কৰা স্থানীয় লোকে ঘটনা সন্দৰ্ভে অৱগত কৰাত ৰে’ল আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ইফালে ৰাইজে কৰা অভিযোগ অনুসৰি, ৰে’লগেটত প্ৰয়োজনীয় ব্যৱস্থা নথকাৰ বাবে ৰে’লপথৰ দক্ষিণ দিশত থকা কেইবাখনো গাঁৱৰ ৰাইজে প্ৰতিদিনে এনেদৰেই ভয়ভাৱেৰে ৰে’লপথ পাৰ হ’বলগীয়া হয় ৷ দীৰ্ঘদিনৰ পৰা ৰাইজে উক্ত ঠাইত ৰে’লগেট স্থাপনৰ দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নাই ৰে’ল কৰ্তৃপক্ষই ৷ যাৰ ফলস্বৰূপে মাজে-সময়ে এনে দুৰ্ঘটনা সংঘটিত হয় ৷

আগন্তুক দিনত যাতে এনে দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে উক্ত ঠাইত ৰে’লগেটৰ ব্যবস্থা কৰিবলৈ ৰে’ল কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : অৱশেষত দৈয়াং নদীত সন্ধানহীন যুৱক মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.