ETV Bharat / state

কোকৰাঝাৰত সেনা-আৰক্ষীৰ গুলিত নিহত এনডিএফবি সদস্য - One NDFB (S) Cadre Killed in Encounter with Army and Police at Kokrajhar

এনডিএফবি (এছ)ৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ যৌথ অভিযান । সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হোৱাৰ লগতে অস্ত্ৰ উদ্ধাৰ ।

EtvBharatAssam
সেনা-আৰক্ষীৰ গুলিত নিহত এনডিএফবি সদস্য
author img

By

Published : Jan 16, 2020, 11:40 AM IST

কোকৰাঝাৰ, 16 জানুৱাৰীঃ শেহতীয়াকৈ এনডিএফবি (এছ)গোটে ম্যানমাৰ ত্যাগ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন কৰিছে ৷ যিটো সময়ত শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন হৈছে তেনে সময়তে বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ নামনি অসমৰ কোকৰাঝাৰ জিলাত বুধবাৰে নিশা সেনা আৰু আৰক্ষীৰ গুলিত নিহত হয় এগৰাকী এনডিএফবি(এছ) বিদ্ৰোহী সদস্য ৷

EtvBharatAssam
নিহত এনডিএফবি সদস্যগৰাকী

বুধবাৰে নিশাৰ ভাগত সেনাৰ 21 মাউন্টেইন ডিভিজনে লাভ কৰা তথ্যৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে এনডিএফবিৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানৰ সময়তে কোকৰাঝাৰ জিলাৰ বিষমুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগলিপাৰ গাঁওত এজন এনডিএফবি (এছ) বিদ্ৰোহী প্ৰত্যক্ষ কৰে ৷ অভিযানকাৰী দলটোৱে বিদ্ৰোহী সদস্যগৰাকীক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও অভিযানকাৰী দলটোলৈ গুলিয়াই পলাবলৈ চেষ্টা কৰে বিদ্ৰোহী সদস্যগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত বিদ্ৰোহী সদস্যজনক লক্ষ্য কৰি অভিযানকাৰী দলে গুলিচালনা কৰে ৷ অভিযানকাৰী দলৰ গুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিদ্ৰোহী সদস্যগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

EtvBharatAssam
বিদ্ৰোহী সদস্যগৰাকীৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ

নিহত সদস্যগৰাকী জুৱেল নাৰ্জাৰী ওৰফে তামঙ ওৰফে যৌয়েম বুলি জানিব পৰা গৈছে ৷ বিদ্ৰোহীগৰাকীৰ পৰা এটা নাইন এমএম পিষ্টল, দুটা মেগজিন আৰু সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷

Intro:এন.ডি.এফ.বি. (এছ) ৰ বিৰুদ্ধে সেনা - আৰক্ষীৰ যৌথ অভিযান। সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত। অস্ত্ৰ উদ্বাৰ।

জি সময়ত এন.ডি.এফ.বি. (এছ) য়ে ম্যানমাৰ ত্যাগ কৰি কেন্দ্ৰীয় চৰকাৰসৈতে শান্তি আলোচনা আৰু নতুন শক্তিৰ প্ৰসংগ চলিছে এই সময়তো কোকৰাঝাৰত অব্যাহত আছে এন.ডি.এফ.বি. (এছ)ৰ বিৰুদ্ধে সেনা বাহিনী অসম আৰক্ষী অভিযান।

Body:বুধবাৰে নিশা সেনা বাহিনী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত কোকৰাঝাৰ জিলাৰ বিষমুৰী আৰক্ষীচকী অন্তৰ্গত দিগলিপাৰ গাঁওত এজন এন. ডি.এফ.বি. (এছ)ৰ সদস্য নিহত হয়।

নিহত সদস্যজন জুৱেল নাৰ্জাৰী ওৰফে তামঙ ওৰফে যৌয়োম বুলি চিনাক্ত কৰা হৈছে। এখন নাইন এম এম পিষ্টল, দুটা মেগজীন, আৰু সজীৱ গুলি উদ্ধাৰ কৰা হয়।

অভিযানকাৰি দলে প্ৰকাশ কৰা মতে সেনা আৰক্ষী এন ডি এফ বিৰ বিৰুদ্ধে তথ্য লাভ কৰি গাঁওখনত পূৰ্বৰ পৰাই এম্বুছ পাতি আছিল। ঠিক তেনে সময়ত এজন উগ্ৰপন্থী সদস্য গৈ থকা প্ৰত্যক্ষ কৰি থিয় হবলৈ কয়। কিন্তু বিপদৰ উমান পাই সেনা আৰক্ষী লৈ গুলী ছালনা কৰি দৌৰি পলাবলৈ ধৰাত সেনা আৰক্ষী গুলী ছালনা কৰে। Conclusion:ফলত গুৰুতৰ ভাৱে আহত সদস্যজনক ততাতৈয়াকৈ চিকিৎসালয়ত নিয়ে যদিও মৃত্যু বুলি ঘোষণা কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.