ETV Bharat / state

World Indigenous Peoples Day: বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে কোকৰাঝাৰত আছাৰ সাংস্কৃতিক শোভাযাত্ৰা - On occasion of World Indigenous Peoples Day

আছাৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন ৷ কোকৰাঝাৰত আছাৰ বিশাল সাস্কৃতিক শোভাযাত্ৰা (Cultural procession of AASAA in Kokrajhar) ৷ জনজাতিকৰণ দাবীত উত্তাল কোকৰাঝাৰ ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু লৈ স্মাৰক-পত্ৰ প্ৰেৰণ ৷

AASA Rally
AASA Rally
author img

By

Published : Aug 9, 2022, 4:34 PM IST

কোকৰাঝাৰ, ৯ আগষ্ট : বিশ্ব খিলঞ্জীয়া দিৱস (World Indigenous Day) উপলক্ষে মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (All Adibasi Students Association of Assam) চমুকৈ আছাই কোকৰাঝাৰত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় (AASAA rally in Kokrajhar)। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ পৰা কোকৰাঝাৰৰ শিশু উদ্যানলৈ উলিওৱা উক্ত সমদলটোত অংশগ্ৰহণকাৰীসকলে হাতে হাতে পৰস্পৰাগত ধনুকাঁড়, মাদল লৈ নৃত্য-গীত কৰি শোভাযাত্ৰা কৰে ।

তদুপৰি অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী, এছটি আমাক লাগিবই আদি শ্লোগানেৰে চহৰখনৰ আকাশ-বতাহ মুখৰিত কৰি তোলে (AASAA demand ST)। ইয়াৰ উপৰি আদিবাসীসকলৰ পৰম্পৰাগত নৃত্য, গীত-মাতেৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে ।

বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে কোকৰাঝাৰত আছাৰ সাংস্কৃতিক শোভাযাত্ৰা

আনহাতে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাই (AASAA president Stephen Lakra) কাৰ্যসূচীৰ অন্তত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা বুলি মন্তব্য কৰি জনজাতিকৰণ আদিবাসীসকলৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ বুলিও মন্তব্য কৰে ।

লগতে অসমৰ আদিবাসীসকলক জনজাতিৰ স্বীকৃতি দিয়াৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে (AASAA Memorandum to President Droupadi Murmu) সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাই ।

লগতে পঢ়ক : March on Independence Day : অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.