ETV Bharat / state

NDFB Foundation day: কোকৰাঝাৰত NLFB দ্বিতীয় প্ৰতিষ্ঠা দিৱস - NLFB demands release of Ranjan Daimary

আজি NLFB ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস(NLFB 2nd foundation day observed in Kokrajhar) ৷ কোকৰাঝাৰৰ চান্দামাৰি স্থিত ডেজিগনেটেড শিৱিৰত উদযাপন কৰে দ্বিতীয় প্ৰতিষ্ঠা দিৱস ৷ দাবী তথা সমস্যা সমাধান নোহোৱালৈকে NLFB য়ে অস্ত্ৰ সম্বৰণ নকৰে বুলি স্পষ্ট কৰি দিয়ে NLFB ৰ অধ্যক্ষ বিক্ৰম ইছলাৰী ওৰফে বুংথিগ্ৰাই ৷

nlfb 2nd foundation day observed in kokrajhar
NLFB Founjdation day: কোকৰাঝাৰত NLFB দ্বিতীয় প্ৰতিষ্ঠা দিৱস
author img

By

Published : Oct 12, 2022, 10:48 PM IST

কোকৰাঝাৰ,১২ অক্টোবৰ: আজি নেশ্যনেল লিবাৰেছন ফ্ৰণ্ট অফ বড়োলেণ্ড(National Liberation Front of Bodoland) চমুকৈ NLFBৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস(NLFB 2nd foundation day observed in Kokrajhar) ৷ সম্প্ৰতি চৰকাৰৰ সৈতে যুদ্ধ বিৰতিত থকা NLFB য়ে ২০২১ চনৰ ১২ অক্টোবৰত আত্মপ্ৰকাশ কৰিছিল ৷ ২০২১ৰ ২৩ জুলাইত যুদ্ববিৰতিৰে মূল সুতিলৈ আহিছিল NLFB ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং নৈৰ দাঁতিৰ চান্দামাৰিস্থিত ডেজিগনেটেড শিৱিৰ প্ৰাংগনত NLFB ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷

সাংগঠনিক পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে NLFB ৰ অধ্যক্ষ বিক্ৰম ইছলাৰী ওৰফে বুংথিগ্ৰাই ৷ শ্বহীদলৈ সৰ্বপ্ৰথমে পুস্পাঞ্জলিৰে শ্ৰদ্বাঞ্জলি জনায় NLFBৰ মুখ্য সেনাধ্যক্ষ এম বাথা ওৰফে বিনোদ মুছাহাৰীয়ে ৷ তদুপৰি প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি সামৰিক কুচ-কাৱাজো প্ৰদৰ্শন কৰা হয় ৷ ইপিনে সংবাদ মাধ্যমৰ আগত NLFBৰ অধ্যক্ষ বিক্ৰম ইছলাৰী ওৰফে বুংথিগ্ৰাই কয় যে NLFB শান্তি আলোচনাতহে আহিছে , কিন্তু অস্ত্ৰ সম্বৰণ কৰা নাই ৷ দাবী তথা সমস্যা সমাধান নোহোৱালৈকে অস্ত্ৰসম্বৰণ নকৰে বুলিও স্পষ্ট কৰি দিয়ে অধ্যক্ষ গৰাকীয়ে ৷ যদি দাবী মানি নলয় তেন্তে পৰিস্থিতি হিতে বিপৰীত হ'ব পাৰে বুলি উল্লেখ কৰে ।

NLFB Founjdation day: কোকৰাঝাৰত NLFB দ্বিতীয় প্ৰতিষ্ঠা দিৱস

আনপিনে NLFBৰ সাধাৰণ সচিৱ এন. ফাঞ্জাৰীয়ে শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছে ৷ কিন্তু যেনেদৰে অগ্ৰগতি হ'ব লাগিছিল তেনে ধৰণে হোৱা নাই বুলি সদৰী কৰে । ৰঞ্জণ দৈমাৰীৰ শাস্তিৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে ফাঞ্জাৰীয়ে । এতিয়ালৈ বড়ো একগোট হোৱা নাই । বড়োসকল একগোট হ'লে ৰঞ্জণ দৈমাৰীক কাৰাগাৰত বন্দী কৰি ৰাখিব নোৱাৰিব বুলি উল্লেখ কৰে(NLFB demands release of Ranjan Daimary) । NDFBৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী(NDFB founder president Ranjan Daimary) ওৰফে ডি.আৰ নাব্লাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিব বুলি ভবা নাছিলোঁ বুলি উল্লেখ কৰে সাধাৰণ সচিব গৰাকীয়ে ৷ ৰঞ্জণ দৈমাৰীক মুক্তি নিদিয়ালৈ আত্মসমৰ্পন নকৰো বুলি ষ্পষ্ট কৰে এই অনুষ্ঠানতে । সমস্যা সমাধান নোহোৱালৈকে NLFB ৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও জানিব দিয়ে ফাঞ্জাৰীয়ে ৷

লগতে পঢ়ক: Arms recovered : তেজপুৰত পিষ্টল সহ দুজন যুৱক গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.