ETV Bharat / state

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান নাথ-যোগী ছাত্ৰ সন্থাৰ

author img

By

Published : Mar 8, 2021, 3:45 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত নাথ-যোগী জনগোষ্ঠীৰ এজনো প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ ক্ষোভিত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা । নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক ভোটদান নকৰিবলৈ আহ্বান সংগঠনটোৰ । লগতে ঘৰে ঘৰে গৈ বিজেপি বিৰোধী অভিযান চলোৱাৰো হুংকাৰ দিলে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ নেতৃত্বই ।

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান নাথ-যোগী ছাত্ৰ সন্থাৰ
নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান নাথ-যোগী ছাত্ৰ সন্থাৰ

কোকৰাঝাৰ, ৮ মাৰ্চ: বিজেপিয়ে নাথ-যোগী জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই । বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে যদিও এটা সমষ্টিতো নাথ-যোগী জনগোষ্ঠীৰ লোকক টিকট প্ৰদান কৰা নাই । সেয়ে, গেৰুৱা দলটোৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা ৷

সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে, এইবাৰ নিৰ্বাচনত অসমত বসবাস কৰা নাথ-যোগী জনগোষ্ঠীৰ লোকসকলে বিজেপিক ওফৰাই দিবলৈ ঐক্যবদ্ধ হ'ব । লগতে নিৰ্বাচনত বিজেপিক বৰ্জনৰো আহ্বান জনায় সংগঠনটোৰ নেতৃত্বই ।

শেহতীয়াকৈ প্ৰকাশ পোৱা বিজেপিৰ প্ৰাৰ্থী তালিকাত নাথ-যোগী জনগোষ্ঠীৰ এজনো প্ৰাৰ্থীয়ে স্থান লাভ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷ তেওঁ কয় যে, বিশেষকৈ বিলাসীপাৰা পূৱ, গোৱালপাৰা পূৱ, বৰছলা, ছিপাঝাৰ, নগাঁও, বঢ়মপুৰ, বঙাইগাঁও, চতিয়া, আদি সমষ্টিত নাথ-যোগী জনগোষ্ঠীৰ লোকসকলে নিৰ্ণায়ক ভূমিকা পালন কৰে ৷

কিন্তু ইয়াৰ পিছতো বিজেপিয়ে এই সমষ্টিসমূহত নাথ-যোগীৰ জনগোষ্ঠীৰ এজন লোককো প্ৰাৰ্থিত্ব প্ৰদান নকৰি জনগোষ্ঠীটোক চৰম অপমান কৰিছে বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ সেয়ে, বিজেপিৰ লগত কাম কৰি থকা প্ৰতিগৰাকী নাথ-যোগী লোকক পদত্যাগ কৰি ওলাই আহিবলৈ আহ্বান জনায় ৷ আনহাতে, বিজেপিক নাথ-যোগী অধ্যুষিত সমষ্টিত পৰাজিত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই ঘৰে ঘৰে বিজেপিৰ বিৰোধী প্ৰচাৰ চলাব বুলিও সকিয়াই দিছে ৷

অহা ২০ মাৰ্চৰ ভিতৰত নাথ-যোগীৰ প্ৰতিটো সংগঠনৰ লগত আলোচনা কৰি ৰাজনৈতিক চিন্তা-চৰ্চা কৰা হ'ব বুলিও সংবাদমেলত সদৰি কৰে নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আনহাতে, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নাথ-যোগী সম্প্ৰদায়ৰ পৰা একোজনকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে । উক্ত তিনিওগৰাকী প্ৰাৰ্থীকে জয়ী কৰাৰ বাবে নাথ-যোগী ছাত্ৰ সন্থাই প্ৰচেষ্টা চলাব বুলিও মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷

এই সংবাদমেলত নাথ-যোগী ছাত্ৰ সন্থাৰ উপ-সভাপতি বকুল নাথ, কোকৰাঝাৰ জিলা সভাপতি লোহিত নাথ, সম্পাদক কেনেডি নাথ আৰু বঙাইগাঁৱৰ জিলা সভাপতি জনাৰ্দন নাথকে ধৰি ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দ উপস্থিত থাকে ৷ জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ উত্তৰ বিজেপিয়ে অহা ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত পাব বুলিও সকীয়নি দিয়ে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক:টীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.