ETV Bharat / state

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন - central conference

Nath Yogi Students Union: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশনথলীত উখল-মাখল পৰিৱেশ ৷ অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী, ডেকা-গাভৰুসকলো । আলহীক আপ্যায়ন কৰিবলৈ পিঠাগুৰী খান্দিছে জীয়াৰী-বোৱাৰীয়ে । অসমৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ তিনি হেজাৰ প্ৰতিনিধি অংশগ্ৰহণ ৷ নাথ যোগী জনগোষ্ঠীটোৰ কাৰণে এই অধিৱেশনখন ঐতিহাসিক হিচাপে চিহ্নিত হৈ ৰ’ব ৷

NATH YOGI STUDENT UNION CENTRAL CONFERENCE in kokrajhar
কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:14 PM IST

নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন

কোকৰাঝাৰ, ২৭ ডিচেম্বৰ : কোকৰাঝাৰত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন । কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভূটীয়াপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম ত্ৰিবাৰ্ষিক অধিৱেশনখন । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি প্ৰথম দিনাখনেই অধিৱেশনথলীত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ।

NATH YOGI STUDENT UNION
নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশন

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয়তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী, ডেকা-গাভৰু সকলো । অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য তোৰণ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক মুৰুলীধৰ মেধিয়ে । সংগঠনৰ পতাকা উত্তোলন কৰে নাথ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লক্ষণ নাথে৷ সাংস্কৃতিক পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ শ্বহীদ তৰ্পন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে । ইয়াৰ পিছতে যোগী গুৰু গৰোক্ষ নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আগবঢ়াই বেদ ব্যৱস্থাপক দ্বিজেন গোস্বামীয়ে আৰু বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক ধনঞ্জয় নাথে ৷

NATH YOGI STUDENT UNION
নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশন

দুপৰীয়া ১২ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বকুল নাথে আৰু বিয়লি ২ বজাৰ পৰা নাথ যোগী কৃষ্টি-সংস্কৃতি সমাৰোহ অনুষ্ঠিত হয় ৷ ইপিনে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদমাধ্যমৰ আগত কয়- ‘নাথ যোগী জনগোষ্ঠীটোৰ কাৰণে এই অধিৱেশনখন ঐতিহাসিক হিচাপে চিহ্নিত হৈ ৰ’ব । জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা আলাপ-আলোচনাৰ প্ৰতিশ্ৰুতি ৰূপায়ণ নহ’ল । ইয়াৰ প্ৰতিফলন ২০২৪ চনৰ নিৰ্বাচনত দেখিবলৈ পাব’ ।

NATH YOGI STUDENT UNION
নাথ যোগী ছাত্ৰ সন্থাৰ অধিৱেশন

এই অধিৱেশনত জনগোষ্ঠীটোৰ শৈক্ষিক, ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব বুলি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে মন্তব্য কৰিছে । উল্লেখ্য যে, নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত অসমৰ উপৰিও উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনক লৈ আজিৰে পৰাই উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । অসমসহ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আলহী-প্ৰতিনিধিক আপ্যায়নৰ বাবে খেলপথাৰতে নিৰ্মাণ কৰা নাথ যোগী গাঁৱৰ বাকৰিত গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে পিঠাগুৰী খুন্দিছে আৰু বিভিন্ন ধৰণৰ পিঠা বনোৱা পৰিলক্ষিত হৈছে । তদুপৰি ৭০০০ নাথ যোগী নাচনীৰ দ্বাৰা নাথ-যোগী কৃষ্টি প্ৰদৰ্শনৰ আখৰা চলিছে উদযাপনথলীত ।

লগতে পঢ়ক : বিটিআৰত ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.