কোকৰাঝাৰ,৭ অক্টোবৰ : প্ৰাক্তন সতীৰ্থ তথা প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ হৈছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া। আলফাৰ নেতাক বিটিআৰত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ গণ সুৰক্ষা পাৰ্টিৰ সভাপতি অৰ্থাৎ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ ৷ বুধবাৰে ওদালগুৰি জিলাৰ টংলাত গণ সুৰক্ষা পাৰ্টিৰ এখন কৰ্মীসভাত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰে নৱ শৰণীয়াই ৷
কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে,হাগ্ৰামা মহিলাৰীৰ পৰা একাংশ প্ৰাক্তন আলফা নেতাই টকা লৈ বিপিএফৰ হৈ কাম কৰাৰ মন মেলিছে ৷ ৰাইজৰ বিচাৰত দোষী সাব্যস্ত হোৱা সকলক বিটিআৰত সোমাব নিদিও বুলি মন্তব্য কৰে নৱ শৰণীয়াই ৷
লগতে পঢ়ক : টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ নিযুক্তি কেতিয়া?