ETV Bharat / state

বিপিএফ-বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াঃ নৱ শৰণীয়া - হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ বিটিচিত অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই সহযোগী ভাষা কৰিলে। অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই দিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাতৃক সোধক। মাতৃয়েও হয়তো ভালকৈ উত্তৰ দিব,কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ অসম সাহিত্য সভাৰ উপ সভানেত্ৰী।

as_koj_naba_kumar_saraniya_reaction_vis_7204384
বিপিএফ আৰু বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে: নৱ কুমাৰ শৰণীয়া
author img

By

Published : Nov 20, 2020, 9:58 PM IST

কোকৰাঝাৰ,২০ নৱেম্বৰ :"বিটিচিত অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই সহযোগী ভাষা কৰিলে । অসমীয়া ভাষাক চৰকাৰী ভাষাৰ পৰা নমাই দিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই নিজৰ মাতৃক সোধক । মাতৃয়েও হয়তো ভালকৈ উত্তৰ দিব,কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ অসম সাহিত্য সভাৰ উপ সভানেত্ৰী"। ১২নং ছালাকাটি পৰিষদীয় সমষ্টিৰ জিএচপি প্ৰাৰ্থী সঞ্জয় কুমাৰ শৰণীয়াৰহৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই পৰিষদীয় সমষ্টিৰ এলেকাত প্ৰচাৰ অভিযান চলাই এই মন্তব্য প্ৰকাশ কৰিছে ৷

বিপিএফ আৰু বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে: নৱ কুমাৰ শৰণীয়া
বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধই ৰাজনৈতিক পৰিৱেশ গৰম কৰি তুলিছে ৷ শুকুৰবাৰে ছালাকাটি সমষ্টিৰ ছেদামাৰী হৰি বজাৰৰ হৰিমন্দিৰ প্ৰাংগনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংসদ নৱ কুমাৰ শৰণীয়াই কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ বিটিআৰ চুক্তিয়ে অবড়োৰ মাটিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ খৰ্ব কৰিছে বুলিও মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ বিটিচিৰ আভ্যন্তৰীন সমস্যাসমূহ জিএচপি দলৰ বাহিৰে আন কোনেও সমাধান কৰিব নোৱাৰে ৷ আগন্তুক বিটিচিৰ নিৰ্বাচনত জিএচপি দলে ৩০ খন আসনত জয় লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ৷ যুজিম-জিকিম-জীয়াই থাকিম এই মূলমন্ত্ৰৰে জিএচপি দলে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
as_koj_naba_kumar_saraniya_reaction_vis_7204384
বিপিএফ আৰু বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে: নৱ কুমাৰ শৰণীয়া

সাংসদ গৰাকীয়ে কয়,ইউপিপিএল দল জিকাৰ কোনো ভেটি নাই আৰু বিপিএফ,বিজেপি,ইউপিপিএলৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াৰ দৰে নিৰ্বাচনৰ পূৰ্বে এয়া নাটক আৰু ইয়াতকৈ ডাঙৰ নাটক মঞ্চস্থ হ'ব ৷ হিমন্ত বিশ্ব শৰ্মা অসম তথা উত্তৰ-পূৱৰ বাবে উপযুক্ত হ'ব পাৰে কিন্তু বিটিচিৰ বাবে উপযুক্ত নহয় ৷

লগতে পঢ়ক :টীয়কত ৰাইজৰ দলৰ ৰাজহুৱা সভা আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.