ETV Bharat / state

Bodofa super 50 mission : বিটিআৰৰ শিক্ষাৰ্থীসকললৈ সুখবৰ; 50 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নীট কোচিং

author img

By

Published : Apr 28, 2023, 12:46 PM IST

বডোফা ছুপাৰ ৫০ মিছনৰ বাবে বিটিআৰ চৰকাৰ আৰু এলেন কোচিং ইন্সটিটিউটৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ ৷ চুক্তি অনুযায়ী এলেন কোচিং ইন্সটিটিউট গুৱাহাটীয়ে বিটিআৰ অঞ্চলৰ 50 গৰাকী প্ৰাৰ্থীক 2024 ৰ নীট পৰীক্ষা (মেডিকেল)ৰ 11 মহীয়া বিনামূলীয়া আৱাসিক কোচিং প্ৰদান কৰিব (Bodofa super 50 mission for medical) ৷

Bodofa super 50 mission meeting
স্বাক্ষৰিত হ’ল বডোফা ছুপাৰ 50 মিছন
বিটিআৰৰ শিক্ষাৰ্থীসকললৈ সুখবৰ

কোকৰাঝাৰ, 28 এপ্ৰিল : বডোফা ছুপাৰ 50 মিছনৰ অধীনত বিটিআৰ অঞ্চলৰ পৰা চিকিৎসা বিজ্ঞান তথা ভৱিষ্যতে একোগৰাকী সু-চিকিৎসক হ’বলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হৈছে এক সুবৰ্ণ সুযোগ ৷ বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই সুন্দৰ পদক্ষেপৰ ৷ এই পদক্ষেপৰ অংশ হিচাবে বৃহস্পতিবাৰে বিয়লি বিটিআৰ সচিবালয়ৰ সভাকক্ষত বিটিআৰ পৰিষদীয় চৰকাৰ আৰু এলেন কোচিং ইন্সটিটিউট গুৱাহাটী চৌহদৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (Bodoland Secretariat) ৷

বিটিআৰ পৰিষদীয় চৰকাৰৰ হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, প্ৰধান সচিব অনুৰাগ গোৱেল আৰু এলেন কোচিং ইন্সটিটিউটৰ হৈ গুৱাহাটী চৌহদৰ প্ৰধান ব্ৰজেশ কুমাৰে চুক্তি পত্ৰখনত স্বাক্ষৰ কৰে ৷ চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত এয়া বিটিআৰ অঞ্চলৰ বাবে এক শুভ বাৰ্তা তথা লক্ষণ বুলি অভিহিত কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বডোফা ছুপাৰ ৫০ মিছনৰ অধীনত বিটিআৰ অঞ্চলত পৰ্যাপ্ত চিকিৎসক, অভিযন্তা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ লগতে অসম প্ৰশাসনিক সেৱাৰ যোগ্য প্ৰাৰ্থী গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে (BTR Chief Pramod Boro) ৷

Bodofa super 50 mission meeting
স্বাক্ষৰিত হ’ল বডোফা ছুপাৰ 50 মিছন

উল্লেখ্য যে, বিটিআৰ আৰু এলেন কোচিং ইন্সটিটিউটৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুযায়ী এলেন কোচিং ইন্সটিটিউট গুৱাহাটী চৌহদে বিটিআৰ অঞ্চলৰ 50 গৰাকী প্ৰাৰ্থীক 2024 ৰ নীট পৰীক্ষা (মেডিকেল) ৰ 11 মহীয়া বিনামূলীয়া আৱাসিক কোচিং প্ৰদান কৰিব ৷ বডোফা ছুপাৰ 50 মিছনৰ ( মেডিকেল) বাবে এই পৰ্যন্তলৈ বিটিআৰ এলেকাৰ 367 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ আবেদন প্ৰক্ৰিয়া অহা 6 মে’লৈ চলি থাকিব বুলি এলেন কোচিং ইন্সটিটিউট কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Bodofa super 50 mission for medical) ৷

13 মে’ত বাছনি পৰীক্ষাৰ জৰিয়তে বডোফা ছুপাৰ 50 মিছনৰ ( মেডিকেল) পাঠ্যক্ৰমৰ বাবে 50 গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ’ব (ALLEN Career Institute in Guwahati) ৷

লগতে পঢ়ক : Loksabha Election 2024 : গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাই বিৰোধী শক্তিৰ মূল লক্ষ্য: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.