ETV Bharat / state

Model Anganwadi center: কোকৰাঝাৰত একেদিনাই স্থাপন ১১ টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা

author img

By

Published : Jul 11, 2022, 9:10 PM IST

কোকৰাঝাৰত একেদিনাই স্থাপন ১১ টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা ৷ কোকৰাঝাৰৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে স্থাপন কৰে অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলাকেইটা(MLA Lawrence Islary laid the foundation stone at Kokrajhar) ৷ প্ৰতিটো মডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ ব্যয় হ’ব প্ৰায় ২৫ লাখ টকা ৷

mla-lawrence-islary-laid-the-foundation-stone-at-kokrajhar
কোকৰাঝাৰত মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ বিধায়ক লৰেঞ্চ ইছলাৰীৰ

কোকৰাঝাৰ, ১১ জুলাই : কোকৰাঝাৰৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সোমবাৰে একেদিনাই নিজৰ গৃহ সমষ্টিত ১১ টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়ে(MLA Lawrence Islary laid the foundation stone at Kokrajhar) । বিধায়কগৰাকীয়ে ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত প্ৰথমটো মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে(Laying the foundation stone of model anganwadi centre) ।

বিধায়ক লৰেঞ্চ ইছলাৰী

অতি উৎসৱমুখৰ পৰিৱেশত আধাৰশিলা স্থাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মডেল অংগনৱাড়ী কেন্দ্ৰসমূহে শিশুৰ উৎকৰ্ষ সাধনত প্ৰভূত অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১১ টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমোদন দিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে(Kokrajhar East MLA Lawrence Islary) ।

ৰাজ্যৰ অন্যান্য প্ৰান্তত আৱণ্টিত মডেল অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মানকাৰ্য ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে যদিও বিটিআৰত আৰম্ভ কৰোতেই অলপ পলম হ'ল বুলি উল্লেখ কৰি বিধায়ক ইছলাৰীয়ে এতিয়া অতি ক্ষীপ্ৰতাৰে কাম সমাপ্ত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ।

আনহাতে বহুসংখ্যক বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি সন্দৰ্ভত কৰা এক প্ৰশ্নোত্তৰত বিধায়কগৰাকীয়ে কয় যে প্ৰয়োজন অনুপাতে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হ’ব । উল্লেখ্য কোকৰাঝাৰত স্থাপন কৰা প্ৰতিটো মডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ ব্যয় হ’ব প্ৰায় ২৫ লাখ টকা ৷ সেইমৰ্মে ১১ টা মডেল অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণত ব্যয় হ’ব মুঠ ২ কোটি ৭৫ লাখ টকা । আজি আধাৰশিলা স্থাপনৰ পাছতে আৰম্ভ হৈছে মডেল অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য ।

লগতে পঢ়ক : Protest in Hojai : অংগনবাদী কেন্দ্ৰৰ স্থানান্তৰক লৈ হোজাইত বিতৰ্ক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.