কোকৰাঝাৰ, 10 অক্টোবৰ: কোকৰাঝাৰত অঘটন ৷ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে এগৰাকী ব্যৱসায়ীৰ নিৰ্মাণাধীন অৱস্থাত থকা এটা তিনিমহলীয়া ঘৰ (Fire breakout in Kokrajhar)৷ দুষ্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছতে ঘৰটোৰ চৌহদত থকা এখন টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি উধাও হয় (Miscreants burnt a businessman house) ৷
ঘটনাৰ বিৱৰণী অনুসৰি দুষ্কৃতিকাৰীয়ে ৰবিবাৰে মাজনিশা 1.30 বজাত কোনো লোক নথকাৰ সুযোগ লৈ ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মাণাধীন তিনিমহলীয়া ঘৰৰ চৌহদত প্ৰৱেশ কৰে ৷ ইয়াৰ পাছতে দুষ্কৃতিকাৰীয়ে ঘৰটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰে ৷ এই অগ্নিকাণ্ডত ঘৰটোৰ তলৰ মহলাত জমা কৰি থোৱা প্ৰায় আঢ়ৈ লাখ মূল্যৰ কাঠ জ্বলি ভষ্মীভূত হয় ৷ লগে লগে ওচৰৰ লোকে জুই দেখি হুৱাদুৱা কৰি ঘৰৰ স্বত্বাধিকাৰীগৰাকীক খবৰ দিয়ে ৷
এই খবৰ পোৱা মাত্ৰকে বসুমতাৰীয়ে সমীপতে থকা ভাতৃক ফোনযোগে ঘটনা কথা অৱগত কৰে ৷ তেওঁ ততাতৈয়াকৈ ঘটনাস্থলীলৈ অহালে ওচৰ চুবুৰীয়াই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে (Theif incident in Kokrajhar) ৷ নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে ঘৰটো সম্পূৰ্ণৰূপে জ্বলাৰ পৰা ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত নিৰ্মাণাধীন তিনিমহলীয়া ঘৰটোৰ কেইবা ঠাইত ফাঁট মেলা বুলি জানিব পৰা গৈছে ৷
ইপিনে দুষ্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছতে ঘৰটোৰ চৌহদত থকা এখন টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি উধাও হয় ৷ ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে (Kokrajhar poilce investigate fire incident)৷ পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি, চুৰিকাণ্ডৰ লগত জড়িত দুৰ্বৃত্তই এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত কৰিছে ৷
লগতে কোনো লোকে জানি বুজিয়েই পৰিয়ালটোক ক্ষতি কৰাৰ উদ্দেশ্যেৰেও এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক