ETV Bharat / state

আৰ্থিক মন্দাৱস্থাই জলসিঞ্চনৰ কাম কাজত অসুবিধাৰ সৃষ্টি নকৰেঃ মন্ত্ৰী কেশৱ মহন্ত

author img

By

Published : Apr 24, 2020, 9:23 PM IST

ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাৱে ইফটাৰৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যাতে কোনো ধৰণৰ নাটনি নহয় তাৰবাবে বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ ৷

Ministers important Meeting
আৰ্থিক মন্দাৱস্থাই জলসিঞ্চনৰ কামকাজত অসুবিধাৰ সৃষ্টি নকৰেঃমন্ত্ৰী কেশৱ মহন্ত

তিনিচুকীয়া, 24 এপ্ৰিলঃ লক ডাউনৰ বাবে ৰাজ্যত চলি থকা আৰ্থিক মন্দাৱস্থাই জলসিঞ্চন বিভাগৰ কাম কাজত কোনোধৰণৰ অভাৱ তথা অসুবিধাৰ সৃষ্টি নকৰে ৷ ইতিমধ্যে সকলোবোৰ কামৰে যাৱতীয় অনুমোদন দিয়া হৈছে ৷ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমক এই মন্তব্য কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ইয়াৰ উপৰি অতি ক্ষীপ্ৰতাৰে লক ডাউনৰ মাজতে ৰাজ্যৰ মথাউৰি সমূহৰ কাম-কাজসমূহ আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে জলসম্পদ বিভাগে কাম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই সভাত তিনিচুকীয়াৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ লগতে অন্যান্য বিভাগীয় কৰ্মকৰ্তা সকলেও অংশগ্ৰহণ কৰে ৷

আৰ্থিক মন্দাৱস্থাই জলসিঞ্চনৰ কাম কাজত অসুবিধাৰ সৃষ্টি নকৰেঃ মন্ত্ৰী কেশৱ মহন্ত

কোকৰাঝাাৰঃ ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত বৃহস্পতিবাৰে কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ বড়োলেণ্ড অতিথি শালাত বিটিএডিৰ সচিব প্ৰধান ৰবীনচন মুছাহাৰী,বিটিএডি খাদ্য আৰু যোগান বিভাগৰ লগতে চেম্বাৰ্চ অফ্ কমাৰ্চৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ৷ বিটিএডিৰ খাদ্য আৰু যোগান বিভাগক কমেও এমাহৰ খাদ্য সামগ্ৰী মজুত ৰখাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাৱে ইফটাৰৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যাতে কোনো ধৰণৰ নাটনি নহয় তাৰ বাবেও বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে এই সংকটকালত যিসকলে খাদ্য সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি কৰিছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰাৰ লগতে বহুতকে ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

লগতে পঢ়কঃ আবদ্ধ হৈ থকা অসমৰ লোকে যাতে কষ্ট নাপায়ঃ পাঁচ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.