কোকৰাঝাৰ, 11 মে': সোমবাৰে দুপৰীয়া কোকৰাঝাৰৰ দোতোমাত সংঘটিত হয় এক অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত দুখনকৈ দোকান । বান্তি সাহা নামৰ লোক এজনৰ ম'বাইলৰ দোকানৰ পৰা হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
অগ্নিকাণ্ডৰ ফলত ম'বাইল দোকান খনৰ লগতে এটা মাৰাপাট গুদামো জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নুমুৱাবলৈ সক্ষম হয় যদিও, দুয়োখন দোকানৰে লক্ষাধিক টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডৰ ফলত জাহ যায় বুলি উল্লেখ কৰে স্বত্বাধিকাৰী বান্তি সাহাই ।
লগতে পঢ়কঃ লক্ ডাউনৰ মাজতে গোলাঘাটত উত্তপ্ত পৰিস্থিতি