কোকৰাঝাৰ ১৬ এপ্ৰিল : কোকৰাঝাৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু জাগৃতি শাখাৰ উদ্যোগত শুকুৰবাৰে ব্যতিক্ৰমীভাৱে ৰঙালী বিহু উদযাপন কৰা হয় । কোকৰাঝাৰ চহৰৰ অসম অইল তেল ডিপোৰ প্ৰাংগনত এখন খোলা ট্ৰাকৰ ওপৰতে মঞ্চ নিৰ্মাণ কৰি ৰঙালী বিহু আৰু ৰংজালী বৈশাগু উদযাপন কৰে কোকৰাঝাৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু জাগৃতি শাখাই । গাড়ীৰ ওপৰত নিৰ্মাণ কৰা খোলা মঞ্চৰ ওপৰতে বিহুৱাৰ দলে বিহু আৰু বৈশাগু নৃত্য পৰিবেশন কৰে । তদুপৰি মাৰোৱাৰী জীয়ৰী-বোৱাৰীয়ে সকলেও বিহুনৃত্য কৰি আনন্দত আত্মহাৰা হৈ পৰে ।
এই কাৰ্যসূচীৰ মাজতে কোকৰাঝাৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু জাগৃতি শাখাই কৰ্তব্যৰত আৰক্ষী, সাংবাদিক সকলক একোখন বিহুৱানেৰে সম্বৰ্ধনা জনায় ।
![Marowary Manch Celebration Bihu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-03-kjr-marowarymanchcelebrationbihu-vis-byte-photo-10044_16042021200629_1604f_1618583789_604.jpg)
অসমীয়া সমাজেৰে একাত্ম হোৱাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে তথা ঐক্য আৰু ভাতৃত্ববোধেৰে আগবাঢ়ি যোৱাৰ উদ্দেশ্যৰে আজি সমগ্ৰ অসমতে এনে কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি কোকৰাঝাৰ মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি সুমিত আঞ্চলিয়া আৰু জাগৃতি শাখাৰ সভানেত্ৰী ৰিছা বোথ্ৰাই সদৰী কৰিছে । সুনীল আঞ্চালিয়াই সঞ্চালন কৰা আজিৰ কাৰ্যসূচীত মাৰোৱাৰী যুৱ মঞ্চৰ শাখা আৰু কোকৰাঝাৰ জাগৃতি শাখাৰ কেইবাগৰাকী নেতৃবৃন্দ ,যান বাহন নিয়ন্ত্ৰন শাখাৰ পৰিদৰ্শক গিয়াচুদ্দিন আহমেদ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।
![Marowary Manch Celebration Bihu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-03-kjr-marowarymanchcelebrationbihu-vis-byte-photo-10044_16042021200629_1604f_1618583789_25.jpg)