কোকৰাঝাৰ, 8 জুলাইঃ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কোকৰাঝাৰ প্ৰশাসনে । এই সিদ্ধান্ত অনুসৰি বন্ধ থাকিব জিলাখনৰ দৈনিক আৰু সাপ্তাহিক বজাৰ । বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম । জিলা উপায়ুক্ত তথা কোকৰাঝাৰ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষই এক জাননীৰ জৰিয়তে এই নিৰ্দেশনা প্ৰকাশ কৰিছে ।
জিলাখনত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে । এই আক্ৰান্তৰ বহুতৰে নাই ভ্ৰমণ বৃত্তান্ত । সেয়ে জিলাখনত গণ সংক্ৰমণ বৃদ্ধিৰ পূৰ্ণ আশংকা কৰা হৈছে । গণ সংক্ৰমণ যাতে আৰু অধিক বৃদ্ধি নহয় তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছ বুলি প্ৰকাশ কৰা হৈছে জাননী খনত । ইপিনে, বজাৰত অহা বহু লোকেই মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্বও মানি চলা নাছিল । বজাৰ বন্ধ কৰাৰ এইটো এটা কাৰণ হিচাপে দৰ্শোৱা হৈছে জাননী খনত ।
আনহাতে বজাৰ বন্ধ থকা সময়ত শাক পাচলিৰ ভেণ্ডৰে মূল্য বৃদ্ধি কৰিব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে ।