ETV Bharat / state

বিৰাজ ডেকাৰ হৈ বৰমাত মাণিক চৰকাৰৰ প্ৰচাৰসভা

বৰমাত মাণিক চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ ৷ চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বামপন্থী নেতা মাণিক চৰকাৰে ৷

বিৰাজ ডেকাৰ হৈ বৰমাত মাণিক চৰকাৰৰ প্ৰচাৰসভা
author img

By

Published : Apr 20, 2019, 6:29 PM IST

বৰমা, 20 এপ্ৰিল : 'দেশ বচাও,বিজেপি হটাও' শ্লোগানেৰে বৰমাত শনিবাৰে চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰমা বিধানসভা সমষ্টিৰ কদমতল চকত চি পি আই এমৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা বামপন্থী নেতাগৰাকীয়ে ৷

বিৰাজ ডেকাৰ হৈ বৰমাত মাণিক চৰকাৰৰ প্ৰচাৰসভা

প্ৰচাৰসভাত বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটু ভাষাৰে সমালোচনা কৰে মাণিক চৰকাৰে ৷ 2014 ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই বিদেশত থকা ভাৰতৰ ক'লাধন ঘূৰাই আনিব বুলি মোডীয়ে কৰা প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই ক'লাধন ভোগ কৰা ব্যক্তিয়ে বিনাদ্বিধাই ঘূৰি ফুৰিছে বুলি মোডীক সমালোচনা কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মোডীয়ে 100 দিনৰ ভিতৰতে ক’লা ধন উভতাই আনি প্ৰতিগৰাকী ভাৰতীয়ৰ বেংক একাউণ্টত 15 ৰ 20 লাখকৈ জমা দিব বুলি কোৱা প্ৰতিশ্ৰুতিও হাস্যৰসত পৰিণত হোৱা বুলি বিজেপিলৈ কটু বাক্য নিক্ষেপ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

প্ৰচাৰসভাতেই ৰাফেল বিমান চুক্তিত মোডী সম্পূৰ্ণভাৱে জড়িত বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে বামপন্থী নেতাগৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ে ৰাফেল বিমান চুক্তিৰ পুনৰীক্ষণৰ বাবে দিয়া নিৰ্দেশে এই চুক্তিৰ কেলেংকাৰীত মোডী জড়িত বুলি প্ৰমাণিত কৰা বুলিও প্ৰকাশ কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে ৷ চকীদাৰক চোৰ বুলি ইতিকিং কৰি বিজেপিয়ে ভাৰতত শোষণ চলাইছে বুলিও ভাষণত উল্লেখ কৰে মাণিক চৰকাৰে ৷

Intro:বৰমাত CPIM দলৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনীী প্ৰচাৰ চলালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বামপন্থী নেতা মাণিক চৰকাৰেBody:বৰমাত মাণিক চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰঃ
দেশ বচাওক বিজেপি হতাওকঃ মাণিক চৰকাৰ

বৰমা, ২০ এপ্ৰিলঃ
বিজেপি দলে যোৱা লোকসভা নিৰ্বাচনত ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে যদিহে বিজেপি দল ক্ষমতালৈ আহে ১০০ দিনৰ ভিতৰতে বিদেশত থকা ভাৰতৰ কলা টকা ঘুৰাই আনিব আৰু যি সকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক জেললৈ পঠিয়াব আৰু এই টকা ভাৰতৰ লোকসকলৰ বেংক একাউণ্টত ১৫ ৰ পৰা ২০ লাখকৈ টকা জমা হব ৷ বিজেপিৰ মিচা প্ৰতিশ্ৰুতি ওলাই পৰিল বুলি আজি বৰমা সমষ্টিৰ অন্তৰ্গত কদমতল চকত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বামপন্থী নেতা মাণিক চৰকাৰে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিপিআইএম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত এইদৰে কয় ৷
ৰাফেল বিমান চুক্তি কেলেংকাৰীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জড়িত কিয়নো চুপ্ৰিম কোৰ্টে ৰাফেল চুক্তিক পুনৰীক্ষণৰ কাৰণে বিবেচনা কৰা হব বুলি দিয়া জাননীৰ পাছতেই ইয়াত যে ৰহস্য আছে তাকেই প্ৰমাণ কৰিলে বুলি কয় মাণিক চৰকাৰে ৷ চকিদাৰেই যে চোৰ এই কথা মাণিক চৰকাৰে নিৰ্বাচনী ভাষণত কয় ৷
ধৰ্মৰ নামত জাতিৰ নামত ভাগ ভাগ কৰি বিজেপি দলে শোষণ কৰিব খুজিছে, আমি ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ দিব লাগিব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে ৷

বৰমাৰ পৰা দিলীপ বড়ো ৷
Conclusion:কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ প্ৰত্যেক দলৰে তীব্ৰতৰ হৈছে ৷
কাৰ ভাগ্যত এই আসনটো আছে সেয়া নিৰ্ভৰ কৰিব জনতাৰ ওপৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.