ETV Bharat / state

তিনিবছৰৰ অন্তত মুকলি আকাশৰ তললৈ আহিল মধুবালা মণ্ডল

author img

By

Published : Jun 26, 2019, 11:53 PM IST

কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পৰ পৰা বুধবাৰে মুকলি হ'ল এইগৰাকী বয়োজ্যেষ্ঠ মহিলা

তিনিবছৰৰ পাছত মুকলি আকাশৰ তললৈ আহিল মধুবালা মণ্ডল

নিউজ ডেক্স,২৬ জুনঃ তিনিবছৰৰ অন্তত মুকলি আকাশৰ তললৈ আহিল স্বদেশতে বিদেশী হোৱা এগৰাকী মহিলা ।

৫৯ বছৰীয়া মধুবালা মণ্ডল নামৰ মহিলাগৰাকী বিদেশী ন্যায়াধীকৰণ তথা সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এগৰাকী প্ৰকৃত ভাৰতীয় হৈও এনেদৰে বিদেশী ৰূপে ডিটেনশ্যন কেম্পত বন্দী হৈ থাকিব লগা হৈছিল।স্থানীয় সমাজকৰ্মী অজয় ৰায় আৰু দল সংগঠন আৰু সংবাদ মাধ্যমৰ তৎপৰতাত বুধবাৰে প্ৰশাসনে মুকলি কৰি দিয়ে মহিলাগৰাকীক।বিজনীৰ ১ নং বিষ্ণুপুৰৰ বাসিন্দা মধুবালা মণ্ডলৰ(৫৯) স্বদেশী হোৱাৰ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে মহিলা গৰাকীক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে | এই অভিযোগ অনুসৰি যোৱা ২০১৬ বৰ্ষত বিদেশী ন্যায়াধীকৰণ আদালতে ১ নং বিষ্ণুপুৰৰ বাসিন্দা মাখন নমঃদাসৰ পত্নী মধুবালা দাসৰ নামত বিদেশীৰ জাননী জাৰি কৰে | কিন্তু ১৩ বছৰ আগতে মাখন নমঃদাস আৰু মধুবালা দাসৰ মৃত্যু হয়।কিন্তু একে গাঁৱৰে এই মধুবালা দাসৰ সলনি মধুবালা মণ্ডলকে কৰায়ত্ত কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখে।দুখৰ বিষয় যে, মাতৃ ডিটেনশ্যন কেম্পত থকা সময়ত মধুবালা মণ্ডলৰ একমাত্ৰ মুকবধিৰ কন্যা ফুলমালা মণ্ডল নিঠৰুৱা হৈ পৰিছিল।বুধবাৰে মাতৃক আদৰি ল'বলৈ ডিটেনশ্যন কেম্পলৈ আহিল ফুলমালা মণ্ডল ।

Intro:মুকলি আকাশৰ তললৈ মধুবালা। ডিভোটাৰ নামত মিছাকৈ তিনি বছৰ ধৰি কোকৰাঝাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল।

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ মধুবালা মণ্ডল নামৰ মহিলাগৰাকী প্ৰায় তিনি বছৰ ধৰি কোকৰাঝাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ পিছত আজি মুকলি আকাশ দেখিবলৈ পালে।

Body:৫৯ বয়স মধুবালা মণ্ডল এক মাত্ৰ বেদেশী ন্যায়াধীকৰণৰ ভুলৰ ভাবে প্ৰায় তিনিটা বছৰ কোকৰাঝাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল। উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো বেদেশী ন্যায়াধীকৰনে এয়ে বৃদ্ধ মহিলাক বিদেশী সজোৱা হৈছিল।

এজন অজয় ৰায় বলি সমাজ কৰ্মীৰ মূল কাৰণটো চিৰাং জিলা আৰক্ষী অধীক্ষক আৰু বিজনী মহকুমাধিপতিক অভিযোগ দিয়াৰ পিছতহে প্ৰকৃতিটো ঘটনা পোহৰলৈ আহে। মূল ঘটনাটো হল ২০১৬ চনত বেদেশী ন্যায়াধীকৰণ আদালতে 1নং বিষ্ণুপুৰৰ বাসিন্দা মাখন নম: দাসৰ পত্নী মধুবালা দাস নামত বেদেশীৰ জাননী জাৰি কৰে। কেনটো মাখন নম: দাসৰ পত্নী মধুবালা দাস তাহানিয়ে মৃত্যু হৈছিল। ইয়াৰ পিছতে বেদেশী ন্যায়াধীকৰণ আদালতে মধুবালা দাস নামত জাৰি কৰা বেদেশী জাননীৰ ভিত্তিতে একেখন গাঁওৰে বাসিন্দা মধুবালা মণ্ডলক বেদেশী জাননী জাৰিকৰি কোকৰাঝাৰ ডিটেনশ্যন বন্দী কৰে।

Conclusion:অৱশেষত আজি বৃদ্ধ বয়সত মধুবালা মণ্ডল আইনৰ যুঁজত মকুলি আশাকৰ তলত ওলাই আহে। বিভিন্ন দল সংগঠন চুমুহে ধিক্কাৰ জনাইছে। এনেকৈ শাস্তি দিয়াৰ কাৰণে খুৱে দৰিদ্ৰ পৰিয়ালক চোৱা সীতা কৰিব কাৰণে চৰকাৰক আহ্বান জনাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.