ETV Bharat / state

Bodo Sahitya Sabha Laikhuta: ৬২ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

কোকৰাঝাৰৰ পাটগাঁৱত বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি ৷ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ লাইখুঁটা স্থাপন (Laikhuta laid of Bodo Sahitya Sabha) ৷ মঙলবাৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ লাইখুঁটা স্থাপন কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

author img

By

Published : Jan 17, 2023, 6:41 PM IST

BSS
BSS
৬২ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

কোকৰাঝাৰ, ১৭ জানুৱাৰী : বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ কোকৰাঝাৰ জিলাৰ পাটগাঁৱত চলিছে ব্যাপক প্ৰস্তুতি (62nd session of Bodo Sahitya Sabha) ৷ অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন ৷ ইপিনে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ মঙলবাৰে লাইখুঁটা স্থাপন কৰা হয় (Laikhuta laid of Bodo Sahitya Sabha) ৷

পাটগাঁও ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু সৰলভাঙা নৈৰ পাৰৰ এক নান্দনিক দৃশ্যৰে ভৰপূৰ ৰাণী খালাইশ্ৰী ফৌথাৰত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ (Bodo Sahitya Sabha Patgaon session 2023) লাইখুঁটা মঙলবাৰে মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (UG Brahma laid Laikhuta of Bodo Sahitya Sabha) ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে সদৰী কৰা মতে, অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

আনহাতে, বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে চুবৰীয়া ৰাজ্য পশ্চিমবংগৰ বড়োমূলীয় বিশিষ্ট লোকেও বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰিব ৷ বড়ো সাহিত্য সভাৰ এই ৬২ সংখ্যক অধিবেশনতে বড়ো সহিত্য সভাৰ পুৰণি কেন্দ্ৰীয় সমিতিখন ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব বুলি সদৰী কৰিছে বড়ো সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে লাইখুঁটা স্থাপনৰ শুভাৰম্ভ অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, এবছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক জনীল কুমাৰ ব্ৰহ্ম আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োসহ সভাৰ বিভিন্ন কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকে ৷

উল্লেখ্য, বিগত বৰ্ষত তিনিদিনীয়া কাৰ্যসূচীৰে ২ মে'ৰ পৰা অনুষ্ঠিত হৈছিল বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিবেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ তামুলপুৰৰ গৌজন পথাৰত অনুষ্ঠিত অধিবেশনত ৰাজ্যৰ উপৰি বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ পৰা প্ৰতিনিধি তথা অতিথিয়ে অংশগ্ৰহণ কৰে । আনহাতে, 4 মে'ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovind attended Bodo Sahitya Sabha) ।

লগতে পঢ়ক :KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.