কোকৰাঝাৰ, 9 মে': এজন উচ্চশিক্ষিত যুৱক আৰু তেওঁৰ কৰ্মস্পৃহা ৷ ৫ বিঘাকৈ মাটিত মালভোগ কলৰ খেতি কৰি বছৰত চাৰি-পাঁচ লাখকৈ টকা উপাৰ্জনেৰে নৱপ্ৰজন্মক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে যুৱকজনে ৷ কোকৰাঝাৰৰ এইজন আদৰ্শবান যুৱকৰ নাম বাবুল দেৱনাথ ৷ কোকৰাঝাৰৰ অন্তৰ্গত ভৱানীছৰা গাঁৱৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বাবুল নামৰ যুৱকজনে চৰকাৰী চাকৰিলৈ বাট নাচাই মালভোগ কলৰ খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ৷
৫ বিঘাকৈ মাটিত কৰা বাবুলৰ এই মালভোগ কল খেতিয়ে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ বাবুল দেৱনাথৰ মতে ৫ বিঘাকৈ মাটিত কৰা তেওঁৰ এই কলে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত যথেষ্ট সমাদৰ লাভ কৰিছে আৰু এই কল খেতিক লৈ তেওঁ বৰ্তমান অত্যন্ত সুখী ৷ বাবুলৰ আশা তেওঁৰ দৰে ৰাজ্যৰ সকলো নিবনুৱা যুৱক-যুৱতীয়ে নামি পৰক এনে খেতিত আৰু কৃষি বিষয়া সকলো এইক্ষেত্ৰত সহায় কৰক আগ্ৰহী যুৱক-যুৱতীক ৷