ETV Bharat / state

কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ পাচত আটক পাঁচ অভিযুক্ত - dead bodies of two minor sisters

কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাৰ পৰা সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচগৰাকী যুৱকক আটক কৰিছে । দেওবাৰে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে সংবাদমাধ্যমৰ আগত আটকাধীন যুৱক কেইজনৰ বিষয়ে কেতবোৰ তথ্য সদৰী কৰে ৷ ইফালে, ভৱিষ্যতে যাতে এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে মন্তব্য প্ৰকাশ কৰে ।

kokrajhar police caught five accused after finding dead bodies of two minor sisters
কোকৰাঝাৰৰ দুই নাবালিকা ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ পিচত পাঁচ অভিযুক্ত আটক
author img

By

Published : Jun 13, 2021, 11:07 PM IST

কোকৰাঝাৰ, 13 জুন : কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা অৱস্থাৰ পৰা সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাচত কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচগৰাকী যুৱকক আটক কৰিছে । আটকাধীন যুৱক কেইজন ক্ৰমে জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (20), মোজাম্মেল শ্বেখ (20), হৰিৰদোলৰ আতাফ আলী (26), সুতীপাৰাৰ শংকৰদেৱ বৰ্মন (27) আৰু ধুবুৰী জিলাৰ চাপৰৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ (20) ৷

কোকৰাঝাৰত দুই ভগ্নীৰ ৰহস্যজনক মৃত্যুৰ পিছত আটক পাঁচ অভিযুক্ত

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে (kokrajhar sp vijay kumar) দেওবাৰে সংবাদমাধ্যমৰ আগত আটকাধীন যুৱক কেইজনৰ বিষয়ে সদৰী কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, গোচৰটোৰ তদন্ত দ্ৰুতগতিতত আগবাঢ়ি আছে আৰু সকলো সম্ভাৱনীয়তাক গোচৰৰ আওতালৈ অনা হৈছে । ইতিমধ্যে, কেইবাগৰাকী লোকক আৰক্ষীয়ে সোধপোছ কৰিছে । বৰ্তমানলৈকে, আৰক্ষীৰ হাতলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই ৷ অৱশ্যে, গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ইফালে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (btr chief pramod bodo)এ আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত কৰি আছে আৰু উক্ত ঘটনাটো আত্মহত্যা নে হত্যা সেইয়া তদন্তত ওলাই পৰিব বুলি সংবাদমাধ্যমৰ আগত দেওবাৰে মন্তব্য প্ৰকাশ কৰিছে । ভৱিষ্যতে যাতে গ্ৰামাঞ্চলৰ লোকসকলে নিৰাপত্তাহীনতাত ভূগিব লগা নহয় আৰু এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত নহয় তাৰ বাবেও কাৰ্যব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷

লগতে পঢ়ক : ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.