৷কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিত ত্ৰিকোনীয়া যুঁজৰ সম্ভৱনা !!
৷৷বড়ো জনগোষ্ঠীৰ দূৰ্গ সংসদীয় সমষ্টিক পুণৰুদ্ধাৰৰ আত্মসন্মানৰ যুঁজত প্ৰমিলা ৰানী ব্ৰহ্ম আৰু উৰ্খাও গৌড়া ব্ৰহ্ম ৷ সুযোগ সন্ধানৰ ৰাজনীতিৰে পিছপৰা নাই অনা বড়ো সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী শৰনীয়া ৷৷ বিটিএডিৰ অবাধ দূৰ্ণীতি লুন্ঠন আৰু বৈষম্যৰ ৰাজনীতিৰ পৰা ৰাইজে পৰিবৰ্তন বিচাৰিছেঃ উৰ্খাও গৌড়া ৷৷
----------------------------------------------------------------------------------------
৷৷কোকৰাঝাৰ 21 এপ্ৰিল : অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বহু আকৰ্ষিত অনুসুচিত জনজাতি সংৰক্ষিত পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবেলিৰ
ন’গৰাকী প্ৰাথীৰ ভাগ্য নিৰ্ণয় কৰিৱ সৰ্বমুঠ ১৭,৪৮,৮২৭ গৰাকী ভোটাৰে ৷ অৱশ্যে ৰাজ্যৰ দহটা বিধানসভা সমষ্টিক সাঁমৰি গঠিত হোৱা কোকৰাঝাৰ (জনজাতি)লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনী বতাহৰ প্ৰেক্ষাপটত মূল প্ৰতিদ্বণ্ডী তিনিকোঁনীয়া হোৱাৰ সম্ভৱনাই দেখা দিছে ৷ইয়াৰে প্ৰথম প্ৰতিদ্বণ্ডিতাত ভোটাৰ ৰাইজক পুণৰবাৰ আকৰ্ষিত কৰিছে
নিৰ্দলীয় প্ৰাথী তথা সাংসদ নৱ কুমাৰ শৰনীয়া(হীৰা) আৰু দ্বিতীয়তে এ আই ইউ ডি এফ দল আৰু এবছুকে ধৰি বড়ো দল সংগঠনৰ উমৈহতীয়া সমৰ্থিত ইউপিপিএলৰ মনোনীত নিৰ্দলীয় প্ৰাথী উৰ্খাও গৌড়া ব্ৰহ্ম ৷অৱশ্যে তৃত্বীয় প্ৰতিদ্বণ্ডিতাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ পৰক্ৰমী প্ৰাথী একেৰাহে ছয়বাৰকৈ বিধায়িকা ,দুবাৰ মন্ত্ৰীত্ব পোৱা প্ৰমিলা ৰানী ব্ৰহ্ম ৷মুলঃত সমষ্টিত এইবাৰ মুল যুজঁখন আত্মসন্মানৰ যুজঁৰে আকৰ্ষনীয় হৈ তিনি কোনীয়া হোৱাৰ সম্ভৱনাই দেখা দিছে ভোটাৰ ৰাইজক ৷উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টি সেইসময়ত অসমত বৰ্ষীয়ান আৰু সংগ্ৰামী জনগোষ্ঠীয় নেতৃত্বৰ তীব্ৰ হেচাঁত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ১৯৫৭ চনত কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতিৰ বাৱে আসন সংৰক্ষিত ঘোষনাঁ কৰে ৷ যাৰ ফলস্ৰতিত বড়ো ৰাইজৰ মাজত সুকীয়া ৰাজ্যৰ চিন্তাধাৰাৰ প্ৰবেশ ঘটাত বিগত ১৯৫৭ -১৯৭১ চনত ধৰণীধৰ বসুমতাৰী(কংগ্ৰেছ),১৯৭৭ চনত চৰণ নাৰ্জাৰীৰ (নিৰ্দলীয়) ,সমৰ ব্ৰহ্ম চৌধুৰী(১৯৮৪) ,সতেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰী(১৯৯১),লুইছ ইছলাৰী(১৯৯৬) আৰু ছানছুমা খুংগুৰ বসুমতাৰীকে (১৯৯৮-২০০৯)ধৰি ধাৰাবাহিক ভুমিপুত্ৰ বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে কোকৰাঝাৰ লোক সভা সমষ্টিত আসন দখলৰে সাংসদৰ পদ শুৱনি কৰি তুলিছিল ৷ কিন্তুু বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে নিৰ্বাচিত হোৱা সাংসদৰ ধাৰাবাহিক বিজয় ধ্বজ্জাক প্ৰত্যাহ্বান জনাই বিগত ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত বড়ো অনাবড়োৰ স্বাধিকাৰ সংগ্ৰামৰ প্ৰশ্নৰ অৱতাৰণে ৰাজনৈতিক দৃশ্যপট সলনি কৰি সমষ্টি দখলত অনাত সক্ষম হয় একালৰ সশস্ত্ৰ বিপ্লৱী নেতা তথা সাংসদ নৱ কুমাৰ শৰনীয়াই(হীৰা) ৷কাৰ্যই এইবাৰ সপ্তদশ লোকসভা নিৰ্বাচন বহু আকৰ্ষিত পাচঁ নং কোকৰাঝাৰ লোকসভা সমষ্টিয়ে ৰাজ্যবাসীৰ চমক যোগোৱাই নহয় মুলতঃ বড়ো জনগোষ্টীৰ প্ৰতিনিধিয়ে ধাৰাবাহিক আসন শুৱনি কৰা সমষ্টিটোক পুণৰুদ্ধাৰ কৰাৰ বাৱে আত্মসন্মানৰ যুজঁ হিচাবে বিবেচিত কৰি তুলিছে ৰাজনৈতিক বিজ্ঞ মহলত ৷ উল্লেখ্যণীয় যে ,কোকৰাঝাৰ লোকসভা নিৰ্বাচনত এইবাৰ তিনিগৰাকী ৰাষ্ট্ৰীয় দলকে ধৰি ন’গৰাকী প্ৰাথী অৱৰ্তীণ হৈছে যদিও কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো আৰু অনা বড়োৰ উভয়ৰে পৰষ্পৰ ভোট বিভাজনৰ ৰাজনীতিয়ে সমষ্টিত মুল প্ৰতিদ্বণ্ডিতাৰ তালিকাত স্থান পোৱা বিজেপি অগপ মিত্ৰজোটঁৰ বিপিএফৰ প্ৰাথীসহ তিনিগৰাকী প্ৰাথীকে বিজয়ৰ পথত নিঃসন্দেহ শলঠেকত পেলাৱ অৱৰ্তীণ কংগ্ৰেছৰ প্ৰাথী শব্দ ৰাম ৰাভা আৰু কমিউনিষ্ট পাৰ্টী অফ্ ইণ্ডিয়া(মাক্সিষ্ট)মনোনীত প্ৰাথী বিৰাজ ডেকাই ৷ আনপিনে ,কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডীতাৰে আত্মসন্মানৰ যুজঁত অৱৰ্তীণ হোৱা ছয়বাৰকৈ একেৰাহে বিধায়িকা তথা বিপিএফৰ প্ৰাথী মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰক্ষৰ দাৱী কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলে শান্তি সম্প্ৰীতিৰে সকলো ভাষা ভাষীৰ লোকৰ মাজত সমউন্নয়ন সমবিকাশ অনাৰ বাৱে ৰাইজে বিপিএফক আকোঁৱালি লৈছে ৷এই ক্ষেত্ৰত বিপিএফ দলৰ নীতি আৰ্দশৰ বাৱে ৰাইজে সমষ্টিৰ একমাত্ৰ মহিলা প্ৰাথী হিচাৱে তেঁওকে বিপুল ভোটত জয়ী কৰাৱ বুলি দাৱী কৰে ৷
একেদৰে এ আই ইঊডিএফ দলৰ সমৰ্থিত ইউপিপিএল দলৰ নিৰ্দলীয় প্ৰাথী তথা বড়ো ৰাজনীতিৰ অগ্ৰণী বিচক্ষন নেতা প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰক্ষই নিঃসন্দেহ তেওঁৰ বিজয় হৱ বুলি কয় ৷তেওঁ বিটিএডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ অবাধ দূণীতি ,শোষন লুন্ঠন নীতি প্ৰতিৰোধ কৰি আৰু ইয়াত প্ৰকৃত গনতন্ত্ৰ প্ৰতিষ্ঠাৰে ইয়াত বসবাস সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰে সমবিকাশ সমউন্নয়ন অনাই নিৰ্বাচনী মূল ইচ্ছ্যু ৷
গতিকে ৰাইজে পৰিবৰ্তন বিচাৰিছে বাবে ইউপিপিএলৰ প্ৰাৰ্থীক বিপুল ভোটদানৰে জিকাৱ বুলি দাৱী কৰে ৷ তেওঁ সাংসদ হলে বড়ো সমস্যা,বিদ্ৰোহী গোটৰ সমস্যা আৰু বিটিচিত অবাধ গতিত হোৱা কৌটি কৌটি টকাৰ দূৰ্ণীতি ফাদিল কৰা ,অইন জনগোষ্টীয় সমস্যা সমুহ ৰাজনৈতিক আলাপ আলোচনাৰে সমাধানৰ ক্ষেত্ৰত প্ৰাধান্য দিৱ বুলি কয় ৷তেওঁ নিৰ্বাচনী প্ৰচাৰৰ মুল ইচ্ছ্যু শান্তি ঐক্য পৰিবৰ্তন আৰু উন্নয়ন সাধাহে ৷
একেদৰে আন গৰাকী অনা বড়ো সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰনীয়াই এইবাৰ তেঁওক পুনৰায় সদনৰ মজিয়ালৈ ৰাইজে পঠিয়ালে পূৰ্বৰ অটল স্হিতিতে অসমক বিছিন্ন কৰা বড়োলেণ্ড দাৱীক কোনোপধ্যে হৱলৈ দিয়া নহৱ বুলি বিটিচি চুক্তি পুণৰীক্ষণ কৰা ,অবৈধ মাৰনাস্ত্ৰ জব্ধ কৰা ,এন আৰ চি,ডি ভোটাৰৰ সমস্যা সমাধান কৰা আৰু ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক জীৱন সা সম্পত্তি আৰু ভূমিৰ অধিকাৰৰ লগতে সামাজিক, ৰাজনৈতিক ,অৰ্থনৈতিক আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াই মূল নিৰ্বাচনী ইচ্ছ্যুলৈ কাম কৰি যাৱ আৰু ৰাইজে জনমত মোৰ বিজয় খাটাং বুলি কয় ৷
এইক্ষেত্ৰত তেওঁক ছাত্ৰ সংগঠন আক্ৰাছু এবিএমছুকে ধৰি সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চই মুকলি সমৰ্থন দি বিজয়ৰ বাট সুগম কৰি দিয়া দাৱী কৰে ৷এনেক্ষেত্ৰত অসমৰ তৃত্বীয় পয্যায়ত হৱ লগা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অহা ২৩ এপ্ৰিলত হৱ লগা সৰ্ৱমুঠ ২৩৪৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ভাগ্য নিৰ্ণয় কৰিৱ সৰ্ৱমুঠ 17,65,411 গৰাকী ভোটাৰে ৷ইয়াৰে পুৰুষ সাধাৰন ভোটাৰ 900285 গৰাকী আৰু মহিলা সাধাৰন ভোটাৰ 865126গৰাকী ৷