ETV Bharat / state

দুই এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ’ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ

কোকৰাঝাৰ মহকুমাৰ ৫ টা সমষ্টিৰ ২৭ গৰাকী প্ৰাৰ্থীৰ ওপৰত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কোকৰাঝাৰ মহকুমাৰ পাচঁটা পৰিষদীয় সমষ্টিত ৭৫ ৰ পৰা ৮০ শতাংশ ভোটদান সম্পন্ন হোৱাৰ বিপৰীতে চিৰাঙত সৰ্বাধিক 90 শতাংশ ভোটগ্ৰহণ সম্পন্ন হয় ৷

KOKRAJHAR ELECTION
বিক্ষিপ্ত ঘটনাৰ মাজেৰে বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি
author img

By

Published : Dec 10, 2020, 11:02 PM IST

কোকৰাঝাৰ, ১০ ডিচেম্বৰ : বিক্ষিপ্ত ঘটনাৰ মাজেৰে আজি সামৰণি পৰিল বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । কোকৰাঝাৰ মহকুমাৰ ৫ টা সমষ্টিৰ ২৭ গৰাকী প্ৰাৰ্থীৰ ওপৰত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত কোকৰাঝাৰ মহকুমাৰ পাচঁটা পৰিষদীয় সমষ্টিত ৭৫ ৰ পৰা ৮০ শতাংশ ভোটদান সম্পন্ন হয় । ইয়াৰ বিপৰীতে চিৰাঙত সৰ্বাধিক 90 শতাংশ ভোটগ্ৰহণ সম্পন্ন হয় ৷

বিক্ষিপ্ত ঘটনাৰ মাজেৰে বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি

ইফালে, বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্য নিৰ্ণয় হ'ব বিপিএফ দলৰ মহাপ্ৰতাপি নেতা হাগ্ৰামা মহিলাৰীৰ ৷ এইবাৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে অশান্ত বিটিচিত শান্তি স্থাপনক প্ৰায়ে নিৰ্বাচনী ইচ্ছু হিচাপে গ্ৰহণ কৰা দেখা গ'ল ৷

উল্লেখ্য যে, জিলা ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাত সকলো পক্ষলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷ তথাপিও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজি বিয়লী কোকৰাঝাৰ জিলাৰ লগতে চিৰাং জিলাৰ বিভিন্ন অঞ্চলত অপ্ৰীতিকৰ পৰিস্থিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিৰ শালবাৰীত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় ৷

সমান্তৰালভাৱে চক্ৰশীলা, নায়েকগাওঁ, দেৱগাঁও আৰু বনগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলতো দলীয় কৰ্মী সকলৰ মাজত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷

লগতে পঢ়ক : বন্দীত্বৰ এটা বছৰ : মুকলি আকাশৰ তললৈ কেতিয়া আহিব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.