ETV Bharat / state

বিপিএফৰ পদূলিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ - kokrajhar election preparation bpf bjp on BTAD assam etv bharat news

বিটিচি পৰিষদীয় নিৰ্বাচন যিমানে চমু চাপি আহিছে, সিমানে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ৷ বাৰম্বাৰ বিপিএফ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত আগন্তুক নিৰ্বাচনত কি স্থিতি হ’ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । ইতিমধ্যে বিজেপিয়ে বিটিএডি-ৰ 40টা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সন্দৰ্ভত নিৰ্বাচনী কুচকাৱাজ চলাইছে ৷

kokrajhar election preparation bpf bjp on BTAD assam etv bharat news
নিৰ্বাচনী আখৰা
author img

By

Published : Feb 26, 2020, 12:01 AM IST

কোকৰাঝাৰ,25 ফেব্ৰুৱাৰীঃ বিটিচি পৰিষদীয় নিৰ্বাচন যিমানে চমু চাপি আহিছে, সিমানে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ৷ বাৰম্বাৰ বিপিএফ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত আগন্তুক নিৰ্বাচনত কি স্থিতি হ’ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । ইতিমধ্যে বিজেপিয়ে বিটিএডি-ৰ 40টা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সন্দৰ্ভত নিৰ্বাচনী কুচকাৱাজ চলাইছে ৷ যাৰফলত সমষ্টি সমষ্টিয়ে দলীয় সভা আহ্বান কৰি আহিছে বিজেপিয়ে । সমান্তৰালকৈ বিটিএডি-ৰ অঞ্চলত নিৰ্বাচনী প্রচাৰ অব্যাহত ৰাখিছে বিজেপিৰ প্ৰভাৱশালী নেতাসকলে ৷

নিৰ্বাচনী আখৰা

আনফালে,মঙলবাৰে কোকৰাঝাৰৰ বিষমুৰীত আয়োজিত মহিলা বিপিএফৰ বিশাল সমাৱেশত ভাগ লয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ মুঠ 18টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে । চৰকাৰ গঠন কৰিবলৈ মাথো তিনিখন আসন প্ৰয়োজন বুলি উল্লেখ কৰে বিটিচি প্ৰধান গৰাকীয়ে । সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিজেপি, অগপ আৰু বিপিএফৰ বুজাবুজিৰে বাকী থকা সমষ্টিসমূহত প্ৰাৰ্থী নিক্ষেপ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি,ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিজেপি, অগপ আৰু বিপিএফে আলোচনাৰ মাধ্যমেৰে নতুন ৰণকৌশল প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে ৷

লগতে চাওকঃবিকশিত অসমৰ মানচিত্ৰৰ পৰা বাহিৰ ধেমাজিৰ বৰদলনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.