ETV Bharat / state

ৰাজ্য চৰকাৰৰ অৰুনোদয় আঁচনি ৰূপায়নৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি অৰুনোদয় ৰূপায়নৰ বাবে সাজু হৈ উঠিছে বিটিএডিৰ প্ৰধান জিলা কোকৰাঝাৰ ৷

author img

By

Published : Aug 19, 2020, 2:43 AM IST

আঁচনি ৰূপায়নৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

কোকৰাঝাৰ, 18 আগষ্ট : ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুনোদয় ৰূপায়নৰ বাবে সাজু হৈ উঠিছে কোকৰাঝাৰ জিলা ৷ ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশৰ ভিত্তিতে 2 অক্টোৱৰৰ ভিতৰত জিলা প্ৰশাসনে এই আঁচনি ৰূপায়নৰ বাবে কাম আৰম্ভ কৰি তুলিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে ৷ এই সন্দৰ্ভত মঙলবাৰে জিলা প্ৰশাসনৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়া, বিধায়কসকলক লৈ এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰানী ব্ৰহ্ম ৷

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰা অৰুনোদয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিমাহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা 17 লাখ পৰিয়ালক মাহিলী হিচাপত 830 টকাকৈ বেংক একাউণ্টযোগে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ প্ৰদান কৰিব ৷

সভাত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰমীলাৰানী ব্ৰহ্মই এই আঁচনিৰ ফলত জিলাখনৰ দৰিদ্ৰ লোকসকল উপকৃত হ'ব বুলি উল্লেখ কৰে ৷

অৰুনোদয় আঁচনি ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি যাৰ দ্বাৰা ৰাজ্য চৰকাৰে সমষ্টিভিত্তিক 15ৰ পৰা 17 হাজাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক প্ৰত্যক্ষ লাভ বিনিয়োগৰ সহায়ত এইদৰে বিত্তীয় সাহাৰ্য প্ৰদান কৰিব ৷ এয়া ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা এক নিৰ্দিষ্ট লক্ষ্যযুক্ত আঁচনি আৰু ইয়াৰ দ্বাৰাই ৰাজ্যৰ মহিলা, বিধৱাসকল, বিবাহ বিচ্ছেদিতসকল,কুমাৰী মহিলা,বিশেষভাৱে সক্ষম লোকসকল যথেষ্ট উপকৃত হ'ব ৷

লগতে পঢ়কঃ ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.