ETV Bharat / state

কোকৰাঝাৰত নিহত ক্ৰেইন চালক - অসম বংগ সীমান্ত

কোকৰাঝাৰ জিলাৰ গকুলকাটাত ক্ৰেইন দুৰ্ঘটনাত নিহত এজন ক্ৰেইন চালক ৷ ষ্টোৰ চেন্টাৰত ক্ৰেইনেৰে কাম কৰি থকাৰ সময়তে ৰামাশংকৰ যাদৱ নামৰ চালক গৰাকী তলত পৰে মৃত্যুক সাৱতি লয় ৷

kokrajhar_accident_death_a cran driver
কোকৰাঝাৰত নিহত ক্ৰেইন চালক
author img

By

Published : Sep 14, 2020, 7:52 PM IST

কোকৰাঝাৰ,14ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ গকুলকাটাত ভয়ংকৰ ঘটনা ৷ এক দুৰ্ঘটনাত থিতাতে নিহত ক্ৰেইন চালক ৷ নিহত চালকজন ৰামাশংকৰ যাদৱ বুলি চিনাক্ত ৷

কোকৰাঝাৰত নিহত ক্ৰেইন চালক

প্ৰাপ্ত তথ্য অনুসৰি,৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান কাৰ্যৰ দ্বায়িত্বত থকা 'স্কীপাৰ' নামৰ ব্যক্তিগত কোম্পানীটোৰ হাইড্ৰ' ক্ৰেইন চালক আছিল নিহত ৰামাশংকৰ যাদৱ ৷ আজি বিয়লি ১বাজি ১৫ মিনিটত গকুলকাটাস্থিত কোম্পানীৰ ষ্টোৰ চেন্টাৰত ক্ৰেইনেৰে কাম কৰি থকাৰ সময়তে চালক গৰাকী তলত পৰে আৰু মৃত্যুক সাৱটি লয় ৷ ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷

অন্য এক খবৰৰ বাবে: নতুন দলে মাতিছে বিপদ- অগপ,বিজেপিত গৰাখহনীয়াৰ আশংকা

কোম্পানীটোৰ আন এজন কৰ্মকৰ্তা সতনাম সিঙৰ মন্তব্য অনুসৰি, নিহত চালকজনে আত্মহত্যা কৰিছে ৷ বৰ্তমানলৈকে এইয়া আত্মহত্যা নে আকস্মিক মৃত্যু জানিব পৰা হোৱা নাই,যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.