কোকৰাঝাৰ, ১২ এপ্ৰিল: কোকৰাঝাৰৰ ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী টেট শিক্ষয়িত্ৰী কৰ'ণাত আক্ৰান্ত হয় । শিক্ষয়িত্ৰীগৰাকী মহামাৰীৰ কবলত পৰাৰ কথা প্ৰমাণিত হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল শংকিত হৈ পৰে ।
সোমবাৰে জিলা প্ৰশাসনে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীৰ দল এটা প্ৰেৰণ কৰি বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীকৰ ক'ভিড এণ্টিজেন টেষ্ট সম্পন্ন কৰায় । ইয়াৰ উপৰিও সাৱধানতাৰ অংশস্বৰূপে নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ থ'বলৈ আৰু নিবলৈ অহা অভিভাৱকসকলৰো ক'ভিড এণ্টিজেন টেষ্ট কৰোৱা হয় ।
উল্লেখ্য যে, কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৱে নিজেই ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকি ক'ভিড পৰীক্ষাৰ প্ৰক্ৰিয়া তদাৰক কৰে । শিক্ষা বিষয়াগৰাকীয়ে কয় যে, বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী কৰ'ণাত আক্ৰান্ত হোৱাত শিক্ষা বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু জিলা প্ৰশাসনৰ উদ্যোগত বিদ্যালয় প্ৰাংগনতে শিক্ষক-শিক্ষয়িত্ৰী, ৰান্ধনী আৰু ছাত্ৰ -ছাত্ৰীসকলৰ ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ।
সৌভাগ্যবশত এগৰাকী ছাত্ৰ-ছাত্ৰীৰো দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলি শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:বকোত তৃতীয় বাৰ্ষিক ৰাভা হাছং উশ্বু প্ৰতিযোগিতা