ETV Bharat / state

কোকৰাঝাৰত ভয়ংকৰ গণসংক্ৰমণ - কোকৰাঝাৰৰ গৌৰনগৰ , ৰবীন্দ্ৰ নগৰ আৰু শান্তিনগৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা

কোকৰাঝাৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা । ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান হৈছেগৈ ৪৮৮ গৰাকী । সম্প্ৰতি কোকৰাঝাৰৰ গৌৰনগৰ,ৰবীন্দ্ৰ নগৰ আৰু শান্তিনগৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

kokrajhar-covid-19-updates-on-social-transmission-at-kokrajhar
কোকৰাঝাৰত ভয়ংকৰ গণসংক্ৰমণ
author img

By

Published : Jul 30, 2020, 7:13 PM IST

Updated : Jul 30, 2020, 8:14 PM IST

কোকৰাঝাৰ,30 জুলাইঃ কোকৰাঝাৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক'ভিড-১৯ পজিটিভ ৰোগী ৷ শেহতীয়াকৈ কোকৰাঝাৰ চহৰত তিনিটা এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়াৰে শান্তিনগৰ এলেকা কৰ'ণাৰ হটস্পট হিচাপে পৰিগণিত হৈছে। একেটা পৰিয়ালৰে চাৰি-পাঁচজনকৈ সদস্য ক'ভিড-১৯ত আক্ৰান্ত হোৱাত সদৰ চহৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।জিলা প্ৰশাসনে ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰাত শান্তিনগৰ এলেকাত ক'ভিড ১৯ পজিটিভৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । কোকৰাঝাৰত আৰম্ভ হোৱা গণ সংক্ৰমণে আৰু অধিক হাৰত যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ সদৰ চহৰৰ গৌৰনগৰ,ৰবীন্দ্ৰ নগৰ আৰু শান্তিনগৰ এলেকাৰ কিছু নিদিষ্ট অঞ্চলক সাঙুৰি লৈ জিলা দণ্ডাধীশে এক নিৰ্দেশনা যোগে উক্ত অঞ্চলসমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

কোকৰাঝাৰত ভয়ংকৰ গণসংক্ৰমণ

জিলা দণ্ডাধীশে তিনিওটা কণ্টেইনমেণ্ট জ'নৰ অভিকেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সীমাও নিৰ্ধাৰণ কৰি দিছে। কণ্টেইনমেণ্ট জ'নৰ পৰা অহা যোৱা নিষেধ কৰি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে জিলা দণ্ডাধীশ ভাস্কৰ ফুকনে। অৱশ্যে অত্যাৱশ্যকীয় প্ৰতিষ্ঠান সমূহক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। গণ সংক্ৰমণৰ ফলত উদ্ভৱ হ'ব পৰা ভয়ংকৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে যদিও একাংশ নাগৰিকে ক'ভিড-১৯ নিয়ম নীতি মানি নচলা সমস্যাৰ সৃষ্টি হৈছে ।
ইতিমধ্যে কোকৰাঝাৰ আৰ.এন.বি চিকিৎসালয় আৰু চেৰফাংগুৰীত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰত আসন অনুসৰি ৰোগী ভৰ্তি হৈ পৰিছে আৰু নতুনকৈ ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰিবলৈ প্ৰশাসনে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰিছে ।

লগতে পঢ়কঃ কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি?

Last Updated : Jul 30, 2020, 8:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.