ETV Bharat / state

এবিএমছুৰ শতাধিক কৰ্মীৰ ইউ পি পি এলত যোগদান

ইউ পি পি এলৰ লক্ষ্য ৩০ৰো অধিক আসন দখল কৰা অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰা বিটিচিৰ নিৰ্বাচনত ৷ কেতিয়াকৈ অনুষ্ঠিত হ’ব সেয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও বিটিচিৰ ক্ষমতা দখলৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত ৷

author img

By

Published : Aug 14, 2020, 7:17 PM IST

kokrajhar btc election uppl joining
এবিএমছুৰ প্ৰতিষ্ঠাপক মহিবুৰ ইছলামকে ধৰি শতাধিক কৰ্মীৰ ইউ পি পি এলত যোগদান

কোকৰাঝাৰ,১৪ আগষ্টঃ বিটিচিত নিৰ্বাচনীমূলক তৎপৰতাৰ মাজতে শুকুুৰবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাগুৰমাৰীত অনুষ্ঠিত হোৱা ইউ পি পি এল দলৰ যোগদান সভাত এবি এমছুৰ প্ৰতিষ্ঠাপক মহিবুৰ ইছলাম ওৰফে ৰাতুল,এবিএমছুৰ উপদেষ্টা ছইবুল হক,বিপিএফৰ স্থানীয় নেতা মনোৱাৰ ইছলামকে ধৰি শতাধিক লোকে ইউ পি পি এল দলত যোগদান কৰে ।

এবিএমছুৰ শতাধিক কৰ্মীৰ ইউ পি পি এলত যোগদান
ইপিনে মাগুৰমাৰীত অনুষ্ঠিত হোৱা ইউ পি পি এলৰ দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি ইউ পি পি এলৰ উপ-সভাপতি তথা ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰীয়ে বৰ্তমানলৈকে ইউ পি পি এলে ২৬ টা সমষ্টিত জিকি আছে যদিও ইউ পি পি এলে ৩০ টাৰো অধিক সমষ্টিত নিৰ্বাচন জিকাৰ লক্ষ্য স্থিৰ কৰিছে বুলি জানিবলৈ দিয়ে। উক্ত সভাত ইউ পি পি এলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মও উপস্থিত আছিল ।লগতে পঢ়কঃ টীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.