কোকৰাঝাৰ,19 ফেব্ৰুৱাৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ নেতৃত্বৰ মাজত শেহতীয়াকৈ আভ্যন্তৰীণ কন্দলে গা কৰি উঠিছে । মূলতঃ দীৰ্ঘদিন ধৰি জিলা সমিতিৰ সভাপতি আৰু সম্পাদকৰ একনায়কতাবাদত অতিষ্ঠ হৈ মঙলবাৰে জিলা সমিতিৰ কাৰ্যকৰি সভাপতি কঞ্চুৰ আলি আৰু উপ সভাপতি চফিকুল ইছলামকে ধৰি প্ৰায়ভাগ নেতৃত্বই সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰে ।
কোকৰাঝাৰত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কনঞ্চুৰ আলি আৰু উপ-সভাপতি চফীকুল ইছলামই কয় যে, জিলা সমিতিৰ সদস্য সকলক আঁতৰাই ৰাখি সভাপতি আমিনুৰ ইছলাম আৰু আব্দুল লতিফ নিজ ময়মতালিৰে সংগঠনৰ কামকাজ চলাই নিয়াত প্ৰায়ভাগ আমছু জিলা কৰ্মীয়ে অতিষ্ঠ হৈ পৰিছে । আনকি কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ দিয়া স্বত্তেও কোনো এজন সদস্যক অৱগত নকৰি সভাপতি সম্পাদকে নিজ মনোভাৱেৰে কাম কাজ চলাই যোৱা বুলি অভিযোগ উত্থাপন কৰে ।
উল্লেখযোগ্য যে শেহতীয়াকৈ সভাপতি সম্পাদক দুয়ো সংগঠনৰ নামত ধন সংগ্ৰহ কৰাত অতিষ্ঠ হৈ জিলা সমিতিৰ 26 জনীয়া সমিতিৰ 19 জনে অনাস্থা প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক:দেৱযানী দত্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বিশ্বনাথত প্ৰতিবাদ